চিৰাং, 14 আগষ্টঃস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ সীমান্ত অঞ্চলত তৎপৰ সেনা প্ৰশাসন ৷ অসমৰ চিৰাং জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলিছে ভাৰতীয় সেনাৰ ব্যাপক কুচ-কাৱাজ ৷ দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনে ভাবুকি প্ৰদান কৰাৰ পিছত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় সেনাই অধিক তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান ৷
সমাগত স্বাধীনতা দিৱসঃ ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান - RED HORN DIVISION
স্বাধীনতা দিৱস উপলক্ষে ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চলত ভাৰতীয় সেনাৰ অভিযান । 73 সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনে ভাবুকি প্ৰদান কৰাৰ পিছত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় সেনাই তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান ৷
সমাগত স্বাধীনতা দিৱসঃ তৎপৰ ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান
ভূটান সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন দেশৰ সুৰক্ষা অক্ষুণ্ণ ৰখাৰ দায়িত্বত নামি পৰিছে ৷ দেশৰ অখণ্ডতা ৰক্ষাৰ সেৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পাহাৰ, নদী, জংগল আদি সকলোতে দেশৰ স্বাৰ্থত সদা প্ৰস্তুত জোৱানসকলৰ ত্যাগক শত-সহস্ৰ প্ৰণাম ৷