চিৰাং,16 ফেব্ৰুৱাৰীঃৰাজ্যত এতিয়া আৰম্ভ হৈছে নিৰ্বাচনী বতৰ ৷ ৰাজনৈতিক নেতাসকল নামিছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ৷ তাৰ মাজতেই আকৌ কিছু ৰাজনৈতিক নেতাক দেখা গৈছে বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপনত ব্যস্ত থকাত ৷ সোমবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহিলা আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷
সীমান্তৱৰ্তী অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ প্ৰাৰ্থমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে থকা এই বিদ্যালয়ত নাছিল ছোৱালীসকলৰ বাবে আৱাসগৃহৰ সুবিধা ৷ যাৰ বাবে বিশেষকৈ দূৰণিবটীয়া ছাত্ৰীসকলে বিদ্যালয়লৈ আহোতে বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷