চিৰাং, 4 ডিচেম্বৰ :চিৰাঙৰ থুৰীবাৰী পৰিষদীয় সমষ্টিত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি জনীয়া সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে কয় যে, " আমি আজি চিৰাঙৰ থুৰিবাৰীত কংগ্ৰেছ-এ আইইউডিএফৰ যৌথ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰলৈ আহিছো । ৰহমান বহু ভোটৰ ব্যৱধানত জিকিব ৷ "
বিজেপি হতাশাত ভুগিছেঃ ড° হাফিজ ৰফিকুল ইছলাম - Chirang
বিটিচিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই নিজাববীয়াকৈ গোচৰ লৈ তদন্ত কৰিবলৈও আহ্বান জনায় ড° হাফিজ ৰফিকুল ইছলামে ৷
তদুপৰি বিজেপি-বিপিএফ-ইউপিপিএলৰ মাজত চলি থকা কাজিয়াক সমালোচনা কৰি বিধায়ক গৰাকীয়ে বিজেপি হতাশাত ভুগিছে বুলিও মন্তব্য কৰে ৷ বিটিচিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই নিজাববীয়াকৈ গোচৰ লৈ তদন্ত কৰিবলৈও আহ্বান জনায় ড° হাফিজ ৰফিকুল ইছলামে ৷ আনহাতে বিটিচি নিৰ্বাচনত কোনে দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে তথা এআইইউডিএফ-কংগ্ৰেছে দহখনতকৈ অধিক আসন লাভ কৰিব বুলি মন্তব্য আগবঢ়ায় এআইইউডিএফৰ বিধায়কগৰাকীয়ে ৷
চিৰাং জিলাৰ বিজনী ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিষডোবা ঈদগাহত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ যৌথ নিৰ্বাচনী সভাখন অনুষ্ঠিত হয়। সভাত দুয়োটা দলৰ কেবাজনো নেতা উপস্থিত থাকি ভাষণ দিয়ে।
লগতে পঢ়ক: ধেমাজিত লম্পট যুৱকক উত্তম মধ্যম দি আৰক্ষীক গতালে ৰাইজে