অসম

assam

ETV Bharat / state

চিৰাঙৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - প্ৰতিবাদ

জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ ১০ঘন্টীয়া আমৰণ অনশন

১০ঘন্টীয়া আমৰণ অনশন

By

Published : Feb 12, 2019, 2:51 PM IST

চিৰাং, ১২ ফেব্ৰুৱাৰী:চিৰাং জিলাৰ সদৰ কাজলগাঁও আৰু বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে পুৱা জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে (CCTOA) অনশন কাৰ্যসূচী ৰূপায়ন কৰে । ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলোৱা কাৰ্যক বিৰোধিতা কৰি CCTOA'এ ৰূপায়ন কৰে এই অনশন কাৰ্যসূচী ।

১০ঘন্টীয়া আমৰণ অনশন

মঙলবাৰে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদকাৰী সকলে শান্তি শৃংখলা ৰক্ষা কৰি হাতে হাতে প্লেকাৰ্ড লৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিল বাতিলৰ দাবীত অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে অনাগত দিনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ যদি কৰা হয় তেনেহলে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৰ নেতাই প্ৰকাশ কৰে।

ABOUT THE AUTHOR

...view details