চিৰাং, 18 জুনঃ চিৰাং জিলাৰ জলসিঞ্চন বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত ৷ কঠীয়া ৰুৱলৈ কৃষকৰ পানী বিচাৰি হাহাকাৰ । চিৰাঙৰ দক্ষিন বামুনগাঁওৰ কৃষকে খেতি পথাৰত শালিধান তথা বিধান ৰুৱলৈ পানী বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে । চাৰিবছৰ পূৰ্বে বামুনগাঁও স্লুইচগেটৰ পৰা দিপুগাঁওলৈ আঠখন গাঁও সাঙুৰি জলসিঞ্চন বিভাগে নিৰ্মান কৰিছিল নলা।
ভগ্ন বান্ধ, শালি খেতি কৰিবলৈ অসমৰ্থ কৃষক
চিৰাঙৰ জলসিঞ্চন প্ৰকল্পৰ ভগ্ন নলা মেৰামতি কৰিবলগীয়া হৈছে কৃষক সকলে, কুম্ভকৰ্ণৰ নিদ্ৰাত জলসিঞ্চন বিভাগ । যোৱা তিনিটা বছৰে আঠখন গাঁওৰ দৰিদ্ৰ কৃষকে চৰকাৰী ভাৱে জলসিঞ্চন বিভাগৰ সৈতে যোগাযোগ কৰিও ভাগৰি পৰিছে । উপায়ান্তৰ হৈ এইবাৰ কৃষকে নিজেই বান্ধ মেৰামতিত লাগিব লগীয়া হৈছে ।
চম্পানদীৰ পৰা ওলোৱা জলসিঞ্চনৰ নলাৰ তলেৰে তিনিটা হোম পাইপ বহুৱাই খেতিত পানীযোগানৰ নলাটো নিৰ্মাণ কৰা হৈছিল। কিন্ত নিৰ্মাণৰ এবছৰ পিচতে তিনিওটা হোমপাইপ ফাটি যায় আৰু যি পৰিমাণৰ পানী কৃষকে পাব লাগে তাৰ পৰা বঞ্চিত হয় কৃষকসকল । কৃষক সকলে জনোৱা মতে নলাৰ হোম পাইপ ভঙাৰ তিনি বছৰ অতিক্ৰম হোৱা পিছত জিলা জলসিঞ্চন বিভাগৰ সৈতে বহুবাৰ যোগাযোগ কৰিও বিফল হৈছে কৃষক সকল । যাৰ ফলত বাৰিষা আৰম্ভ হোৱাৰ পুৰ্বেই উক্ত নলাৰ বান্ধ ভাঙি সমুদায় পানী চম্পা নদীৰ নলাত পৰে । তিনি বছৰৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি কোনো সঁহাৰি লাভ নকৰি যোৱা চাৰি দিনৰ পৰা স্থানীয় পাঁচ খন গাঁও ক্ৰমে, দিপুগাঁও,পশ্চিম বামুনগাঁও,দক্ষিন বামুন গাঁও,কুমগুৰি,ঠুংকুবাৰী আদি গাঁওৰ কৃষক সকলে নিজেই ওলাই আহিছে নলাটো মেৰামতি কৰিবলৈ । চৰকাৰৰ আশা বাদ দি নিজেই কামত লাগিব লগীয়া হৈছে কৃষক সকলে কাৰণ খেতি পথাৰত পানী নাই । আঠ খন গাঁওৰ লোকে পানীৰ অভাৱত প্ৰায় 800 বিঘা মাটিত খেতি কৰিব পৰা নাই কৃষক সকলে । জলসিঞ্চন বিভাগৰ অভিযন্তা সকলে এনআৰচিৰ কামত ব্যাস্থ থকাৰ অজুহাততে কোনো ধৰনৰ ব্যৱস্থাও গ্ৰহন নকৰাৰ অভিযোগ গাঁওকেইখনৰ কৃষক সকলৰ । বিটিচিৰ ফালৰ পৰা নতুবা স্থানীয় ভিচিডিচিৰ সভাপৰি জনৰ সৈতেও যোগাযোগ কৰি বিমুখ হোৱা কৃষক সকলে এৰিলে সকলোৰে আশা । নিজৰ পৰিয়াল নিজেই চলাব লাগিলে দুবেলা দুমুঠি খোৱাৰ নিজেই যোগাৰ কৰিব লাগিব গতিকে কৃষকৰ খেতি কৰিবলৈ পানীৰ ব্যৱস্থাও কৃষক সকলে নিজেই কৰিব লাগিব বুলি সান্তনা লৈয়ে তেওঁলোকে কাম কৰি গৈছে ।
কোঁচ ৰাজবংশী,বঙালী, আদীবাসী,নেপালী আৰু বড়ো জনগোষ্টীৰ বসতি প্ৰধান এই অঞ্চলৰ কৃষক সকলে গতিকে এতিয়া প্লাষ্টিকৰ বস্তাত মাটি ভৰাই নলাৰ পানী ৰখোৱাৰ বাবে বান্ধ দিয়াৰ চেষ্টা চলাইছে ৷