অসম

assam

চিৰাঙত বিটিএফ আৰু এন ডি এফ বি সংবিজিট গোটৰ আত্মসমৰ্পনকাৰী সদস্যৰ বিপিএফত যোগদান

By

Published : Mar 28, 2019, 12:46 AM IST

৩০৫ গৰাকী বিটিএফ আৰু ৩৩ গৰাকী এন ডি এফ বি সংবিজিট গোটৰ আত্মসমৰ্পনকাৰী সদস্যই বিপিএফত যোগদান কৰে ।

কোকৰাঝাৰ সভা

চিৰাং, ২৭ মাৰ্চঃ চিৰাঙৰ বিজনী মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই । এই সভাতে দলটোত যোগদান দিয়ে ৩৩৮ গৰাকী বিটিএফ আৰু এন ডি এফ বি সংবিজিট গোটৰ আত্মসমৰ্পনকাৰী সদস্যই ।

কোকৰাঝাৰ সভা

সভাত উপস্থিত থাকি প্ৰমিলাৰাণী ব্ৰহ্মই সকলোকে একত্ৰিত হোৱাৰ লগতে বিপিএফক শক্তিশালী কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । তেঁও কয় যে, বিটিচিত হাগ্ৰামা মহিলাৰীৰ বাবে আন কোনোৱেই উন্নয়ন সাধন কৰিব নোৱাৰে ।

আনহাতে সভাত উপস্থিত থাকে চন্দন ব্ৰহ্মকে ধৰি বহুকেইগৰাকী বিশিষ্ট নেতা । চন্দন ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থা আৰু নৱ শৰনীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰে । আনহাতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু ২৫ বছৰলৈ ৰাজনীতিত থাকিব বুলি উল্লেখ কৰে । বিটিচিত হাগ্ৰামাৰ বাহিৰে বেলেগৰ কোনো কাম নাই । ইউ পি পি দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰাং ব্ৰহ্মক ক্ষুৰধাৰ সমালোচনা কৰি তেঁওক মিছলীয়া বুলি অভিহিত কৰে । লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে কোনোবা দলৰ পৰা টকা লৈ তেজপুৰত প্ৰাৰ্থী নিদিলে বুলি অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

ABOUT THE AUTHOR

...view details