অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ চাপাৰাকাটাত অঘটন, ৰাজপথত বাগৰি পৰিল গেছ ভৰ্তি টেংকাৰ

বঙাইগাঁও জিলাৰ চাপৰাকাটাত 31 নং চি ৰাষ্ট্ৰীয় ঘাইপথত ৰন্ধন গেছ কঢ়িয়াই নিয়া টেংকাৰ দুৰ্ঘটনাগ্ৰস্থ ৷ ঘটনাস্থলীত গেছ নিৰ্গত হোৱাত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়াৰ লগতে বঙাইগাঁও শোধনাগাৰৰ পৰা বিশেষজ্ঞ গৈ ঘটনাস্থলীত উপস্থিত হয় ।

ৰাজপথত বাগৰি পৰিল গেছ ভৰ্তি টেংকাৰ
বঙাইগাঁৱৰ চাপাৰাকাটাত অঘটন

By

Published : Jun 15, 2020, 2:19 AM IST

চিৰাং, 14 জুন : বঙাইগাঁও জিলাৰ চাপৰাকাটাত 31 নং চি ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷ ৰন্ধন গেছ কঢ়িয়াই অনা এখন টেংকাৰ দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়ে আৰক্ষীয়ে ৷ দৰাচলতে টেংকাৰখনৰ পৰা গেছ নিৰ্গত হোৱাত এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিবলগীয়া হয় ৷ ঘটনাস্থলীত বঙাইগাঁও শোধনাগাৰৰ পৰা বিশেষজ্ঞ গৈ চোৱাচিতা অব‍্যাহত ৰাখিছে ।

দুৰ্ঘটনাগ্ৰস্থ টেংকাৰখন

বঙাইগাঁও চহৰৰ নাতিদূৰৰ চাপৰাকাটা উৰনীয়া সেতুৰ ওচৰতে দূৰ্ঘটনাগ্ৰস্ত হয় গেছভৰ্তি টেংকাৰখন ৷ টেংকাৰখন বাগৰি পৰাত বহু সময় ধৰি ব্যাপক যানজঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথটোত । টেংকাৰখনৰ চালকজনে জনায় যে যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

ৰাজপথত বাগৰি পৰিল গেছ ভৰ্তি টেংকাৰ

দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ পৰা গেছ নিৰ্গত হোৱাত অধিক আতংকিত হয় অঞ্চলবাসী । অৱশ‍্যে পিচত বঙাইগাঁও শোধনাগাৰৰ পৰা বিশেষজ্ঞৰ দল উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই বিপয়ি নপৰিবলৈ চেষ্টা অব‍্যাহত ৰাখিছে ৷

লগতে পঢ়কঃঘৰলৈ যাবলৈ দিয়া হ'ল সুস্থ হৈ উঠা তিনি কোভিড-19 ৰোগীক

ABOUT THE AUTHOR

...view details