অসম

assam

ETV Bharat / state

বঙাইগাঁও শোধনাগাৰৰ স্বচ্ছতা পষেকৰ আয়োজন - ETV BHARAT

বঙাইগাঁও শোধনাগাৰৰ স্বচ্ছতা পষেকত জলাশয় পৰিষ্কাৰ,শোভাবৰ্ধনত গুৰুত্ব৷ বঙাইগাঁৱৰ উন্নয়নত মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ গুৰুত্ব৷

বঙাইগাঁও শোধনাগাৰৰ স্বচ্ছতা পষেকৰ আয়োজন

By

Published : Jul 14, 2019, 3:13 AM IST

চিৰাং,13 জুলাই: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰে পহিলা জুলাইৰ পৰা আৰম্ভ কৰা স্বচ্ছতা পষেকৰ শনিবাৰে সামৰণি পৰে৷ কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিত্যক্ত জলাশয় আৰু ইয়াৰ উপযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহাত বঙাইগাঁও শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা আঁচনিৰ অধীনত অন্য কাৰ্যসূচীৰ লগতে স্বচ্ছতা পষেক উপলক্ষে বঙাইগাঁও চহৰৰ মটৰ গাড্ডা নামৰ বৃহৎ জলাশয় পৰিষ্কাৰ আৰু শোভা ৱৰ্ধনৰ পদক্ষেপ লয়৷ এই উপলক্ষে বঙাইগাঁও মহাবিদ্যালয়ৰ সভাকক্ষত এক অনুষ্ঠান অনুষ্ঠিত হয়৷

বঙাইগাঁও শোধনাগাৰৰ স্বচ্ছতা পষেকৰ আয়োজন

সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা স্থানীয় বিধায়ক তথা ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে তৈল উদ্যোগ বঙাইগাঁও শোধনাগাৰে বঙাইগাঁও অঞ্চলৰ যিমান সামাজিক কাম সমাধা কৰিব লাগিছিল কৰিব পৰা নাই বুলি প্ৰকাশ কৰাৰ লগতে শোধনাগাৰে কিছু কাম কৰিছে বুলিও ভাষণত ব্যক্ত কৰে৷ তেওঁ বঙাইগাঁও উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে এক কোটি টকা মঞ্জুৰ কৰিছে বুলি উল্লেখ কৰি বঙাইগাঁও পৰিৱেশ উদ্যানৰ সৌন্দৰ্য ৱৰ্ধন, বেংতল গেট-মহাবীৰ স্থান গড়কাপ্তানি পথৰ উন্নীতকৰণ, উত্তৰ বঙাইগাঁৱৰ ষ্টেডিয়াম উন্নীতকৰণত বাজেট ধৰা হৈছে বুলি উল্লেখ কৰে৷ অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে উদ্যোগ সমূহে ৰাইজৰ মাজত থাকি সামাজিক কাম কাজত গুৰুত্ব দিলে উদ্যোগৰ লাভৰ লগতে সমাজৰো উন্নতি হোৱাৰ কথা ব্যক্ত কৰি বঙাইগাঁও শোধনাগাৰে তৈল উদ্যোগটোৱে ৰাইজৰ সমস্যাৰ কাম কৰিব বুলি আশা ব্যক্ত কৰে৷

বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক (ভাৰপ্ৰাপ্ত) অৰবিন্দ কলিতাই শোধনাগাৰে কৰি অহা সামাজিক কামৰ ওপৰত ব্যক্ত কৰাৰ লগতে বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ জলাশয়টো পৰিষ্কাৰ কৰি জলাশয়ত পানী বিশুদ্ধ কৰি ৰখাৰ উপৰি সীমা এলেকাত পাৰ বান্ধি গছ ৰোপণেৰে এক সুন্দৰ পৰিৱেশ গঢ়াৰ কথা ব্যক্ত কৰে৷ সভাত বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰী, বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক(প্ৰকল্প) কৈলাশপতি, মুখ্য মহাপ্ৰৱন্ধক (কাৰিকৰী) দেৱজিত গগৈ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷

ইয়াৰ উপৰি অনুষ্ঠানত শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী, স্থানীয় ৰাইজ, মহাবিদ্যালয়ৰ শিক্ষক, শিক্ষাৰ্থী উপস্থিত থাকে৷ এই কাৰ্যসূচীৰ পাছতে মুখ্য অতিথি ফণী ভূষণ চৌধুৰী, জিলা উপায়ুক্ত আদিল খান, শোধনাগাৰৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অমৰেন্দ্ৰ কলিতা সহ অতিথি বৃন্দই জলাশয়ক আৱৰ্জনা পৰিষ্কাৰ মুকলি কৰাৰ লগতে জলানয়ৰ পাৰত বিভিন্ন গছৰ পুলি ৰোপণ কৰে৷

ABOUT THE AUTHOR

...view details