অসম

assam

বিজনীত এশখন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

By

Published : Nov 25, 2019, 6:02 PM IST

চিৰাঙৰ বিজনীত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পোন্ধৰ কোটি বত্ৰিশ লাখ চৌৰাল্লিশ হাজাৰ এশ উনচল্লিশ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হ’ব এশখন বিচনাযু্ক্ত চিকিৎসালয় ৷ সোমবাৰে উক্ত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷

বিজনীত এশ বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰী

চিৰাং, 25 নৱেম্বৰঃ চিৰাঙৰ বিজনীত এশখন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হয় ৷ সোমবাৰে উক্ত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ এই উপলক্ষে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ পৰিচালনাত অনুষ্ঠিত এক সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিজনীৰ ভেটাগাঁৱত থকা ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়খনৰ চৌহদতে এশখন বিচনাযুক্ত চিকিৎসালয়খন নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে চিকিৎসালয়খন এবছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ আগন্তুক দিনত বিজনীত পেৰা মেডিকেল কলেজ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথাও ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

এশ বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পোন্ধৰ কোটি বত্ৰিশ লাখ চৌৰাল্লিশ হাজাৰ এশ উনচল্লিশ টকা(15, 32,43,139) ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হ’ব উক্ত চিকিৎসালয়খন ৷ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ সচিব দীনেশ বড়ো,বিধায়ক কমলসিং নাৰ্জাৰী, পৰিষদীয় সদস্য অতিন হাজং,বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকা,জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সম্পাদক দ্বিগেন্দ্ৰ ৰামছিয়াৰীসহ বিজনী মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰবিৰাম ৱাৰীসহ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়-কৰ্মচাৰী,স্বাস্থ্য সেৱা বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ লগতে দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷ আনহাতে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাতো এশ বিচনাৰ চিকিৎসালয় এখনৰ প্ৰয়োজনৰ প্ৰতি গুৰুত্ব দৰ্শাই তাতো কম দিনৰ ভিতৰতে এশ বিচনাযুক্ত চিকিৎসালয় স্থাপনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

ভাৰতীয় সংবিধান সভাৰ প্ৰথমগৰাকী অন্তৱৰ্তীকালীন অধ্যক্ষৰ কাহিনী

ABOUT THE AUTHOR

...view details