অসম

assam

ETV Bharat / state

চিৰাঙত মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান - দি এন্টা

চিৰাঙত এটি বেচৰকাৰী সংস্থাৰ একক প্ৰচেষ্টা ৷ 16 দিনীয়া কাৰ্যসূচীৰে চিৰাঙত পালন কৰা হৈছে মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান ৷ লিংগ বৈষম্যতা, হিংসা আৰু সমকামিতা আদি বিষয়ক লৈ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে সংস্থাটোৱে ৷ এই কাৰ্যসূচীত প্ৰায় 689 গৰাকী মহিলাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ৷

As_Chg_Awareness_of_child_and_woman_abuse_img_10012
চিৰাঙত মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান

By

Published : Nov 26, 2020, 10:27 PM IST

চিৰাং, 26 নৱেম্বৰ: চিৰাঙত মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান ৷ এটি বেচৰকাৰী সংস্থাৰ একক প্ৰচেষ্টাত 16 দিনীয়া কাৰ্যসূচীৰে চিৰাঙত পালন কৰা হৈছে সজাগতা অভিযান ৷ দিনে দিনে দেশত বাঢ়ি অহা নাৰী নিৰ্যাতন তথা শিশু নিৰ্যাতনকলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে, দি এন্টা নামৰ বেচৰকাৰী সংস্থাটোৱে ৷ চিত্ৰাংকণ প্ৰতিযোগিতা, সমদল, বাটৰ নাট, দলীয় আলোচনা আদিৰ জৰিয়তে কিশোৰ-কিশোৰী আৰু অভিভাৱক সকলৰ মাজত সজাগত সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰে

চিৰাঙত মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান

শিশু, মহিলাৰ লগতে লিংগ বৈষম্যতা, হিংসা আৰু সমকামিতা আদি বিষয়ক লৈ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে সংস্থাটোৱে ৷ মহিলা শক্তিক জাগ্ৰত কৰাৰ চেষ্টা অব্যাহত ৰাখি বেচৰকাৰী সংস্থাটোৱে বাল্য বিবাহ, যৌন আতিশায্য তথা মানসিক আৰু শাৰিৰীক অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ মহিলা সকলক আহ্বান জনাইছে ৷

চিৰাঙত মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান

মহামাৰী ক'ৰণাৰ সময়চোৱাত গৃহ হিংসাৰ লগতে শিশু যৌন নির্যাতনৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ "দি এন্টা" নামৰ বেচৰকাৰী সংস্থাটোৱে চিৰাং জিলাৰ ৯খন গাঁৱত চলোৱা অভিযানত ইয়াৰ বিৰুদ্ধে সজাগ হোৱাৰ লগতে মহিলাসকলক বাল্য বিবাহ ৰোধৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয় আৰু শপত গ্ৰহণ কৰায় ৷ বাল্য বিবাহ আৰু শিশু যৌন নিৰ্যাতনে কেনেকৈ শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশত বাধাৰ সৃষ্টি কৰে তাৰ বিষয়ে বিতংভাৱে ৰাইজৰ মাজত আলোচনা কৰে ৷ এই কাৰ্যসূচীত প্ৰায় 689 গৰাকী মহিলাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ

ABOUT THE AUTHOR

...view details