অসম

assam

ASOPW Press Meet: বিদ্যুৎ বিভাগৰ অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত চিৰাঙত সংবাদমেল

By

Published : Nov 22, 2022, 11:20 AM IST

চিৰাঙৰ কিষান বজাৰত চাকৰি নিয়মীয়াকৰণৰ দাবীত অস্থায়ী বিদ্যুৎ কৰ্মী সন্থাৰ সংবাদমেল ৷ তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অস্থায়ী বিদ্যুৎ কৰ্মী সন্থাৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি পাঠকৰ ৷

Assam State outsourcing power workers press meet in Chirang
বিদ্যুৎ বিভাগৰ অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত চিৰাঙত সংবাদমেল

চিৰাং, 22 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন বিভাগত চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী কৰ্মচাৰীসকলে অস্থায়ীভাৱে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে ৷ কিন্তু নিস্বাৰ্থ সেৱা আগবঢ়ালেও তেওঁলোকৰো আছে এখন সংসাৰ আৰু ইয়াক চলাবলৈ প্ৰয়োজন হয় ধনৰ ৷ কিন্তু বিভিন্ন বিভাগত বিনাবেতনে কৰ্মৰত কৰ্মচাৰীসকলৰ আৰ্থিক অৱস্থা অতিকৈ দুখলগা ৷ এয়া দেখিও যেন একোয়েই নাজানে বৰ্তমানৰ চৰকাৰখনে ৷ শেহতীয়াকৈ চাকৰি নিয়মীয়াকৰণৰ দাবীত চিৰাঙৰ কিষাণ বজাৰত অস্থায়ী বিদ্যুৎ কৰ্মী সন্থাই আয়োজন কৰে এক সংবাদমেলৰ ৷

সংবাদমেলযোগে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰক অৱগত কৰাৰ লগতে তেওঁলোকৰ দাবীসমূহ শীৰ্ঘ্ৰেই পূৰণ কৰিবলৈও সকিয়াই দিয়ে । শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলৰ যৌথ মঞ্চ অসমৰ ৰাজ্যিক আউটচ'ৰ্চ শক্তি শ্ৰমিক সংঘ (Assam State Outsource Power Worker union) এ সংবাদমেলৰ যোগেদি অসম চৰকাৰ আৰু শক্তি বিভাগক লক্ষ্য কৰি কয় যে অসমৰ প্ৰতিটো মহকুমাত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে বহু যুৱক ৷ কৰ্মৰত হৈ থকা এই যুৱকসকলৰ এটাই আশা এদিন চাকৰি নিয়মীয়াকৰণ হ’ব ৷ মিটাৰ ৰিডাৰ, সহায়ক, চকীদাৰ ইত্যাদি বিভাগত কাম কৰি আছে এইসকল যুৱকে ৷ ইয়াৰে একাংশই সামান্য পাৰিতোষিক পাইছে যদিও অধিকাংশই পোৱা নাই পাৰিতোষিক ৷

বিদ্যুৎ বিভাগৰ অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত চিৰাঙত সংবাদমেল

অস্থায়ী বিদ্যুৎ কৰ্মী সন্থাৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি পাঠকে কয় যে, তেওঁলোকে বিনা বেতনে শ্ৰম দান কৰি আছে একমাত্ৰ চাকৰিটো নিয়মীয়া হোৱাৰ আশাত ৷ কিন্তু আমাৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰ তথা বিদ্যুৎ বিভাগে একো গুৰুত্ব আৰোপ কৰা নাই ৷ অস্থায়ী কৰ্মচাৰীসকলক চৰকাৰে একপ্ৰকাৰে বঞ্চনাহে কৰি আছে ৷ আমাৰ ভৱিষ্যতৰ প্ৰতি একপ্ৰকাৰে অনিশ্চয়তা আহি পৰিছে ৷ সেয়েহে অতি শীঘ্ৰেই তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি সকাহ দিবলৈ সন্থাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আহ্বান জনায় ৷

তেওঁ লগতে কয় যে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব বিচৰা শক্তি খণ্ডৰ উত্তৰসূৰী তিনিওটা কোম্পানী ক্ৰমে APDCL, AEGCL আৰু APGCL ৰ অস্থায়ী কৰ্মচাৰীৰ যৌথ মঞ্চ Assam State Outsource Power Workers union ক চৰকাৰ তথা শক্তি বিভাগে আওকাণ নকৰি সংবাদমেল যোগে ভিত্তিহীন খালি পদৰ ঘোষণাত সমগ্ৰ অসমৰ শক্তি খণ্ডত নিযোজিত অস্থায়ী কৰ্মীৰ ভিতৰচৰাত তীব্ৰ ক্ষোভ প্ৰতিফলিত হৈছে । কাৰণ মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ সৈতে অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত আলোচনা হৈ যোৱাৰ পিছত যোৱা 17 নৱেম্বৰত বিভাগটোক আনুষ্ঠানিক আলোচনাৰ বাবে নিৰ্দেশ দিয়াৰ পিছতো শক্তি বিভাগে এইসকল অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত অলপো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে সন্থাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

চৰকাৰ তথা বিভাগক সকীয়াই দি অনাগত দিনত সমগ্ৰ অসমৰ অস্থায়ী কৰ্মচাৰীয়ে বিজুলী ভৱনৰ বাকৰিত নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সংবাদমেলত সকিয়াই দিয়ে অস্থায়ী বিদ্যুৎ কৰ্মী সন্থাৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি পাঠকে । সংবাদমেলত সন্থাৰ সম্পাদক ধনজিৎ কুমাৰ ৰায়সহ চিৰাং আৰু বঙাইগাঁও জিলাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Protest at Manikpur: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আবাদী গাঁৱত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details