চিৰাং, ১ জুনঃ বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠ অসম ৰাজ্যিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত ৰাজ্যৰ ১০ খন জিলাৰ দুই শতাধিক খেলুৱৈৱে অংশগ্ৰহণ কৰে ।
বঙাইগাঁৱত ৰাজ্যিক পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতা - প্ৰতিযোগিতা
মূলাগাঁৱত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠ অসম ৰাজ্যিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত ৰাজ্যৰ ১০ খন জিলাৰ দুই শতাধিক খেলুৱৈৱে অংশগ্ৰহণ কৰে ।
অসম ৰাজ্যিক কিক্ বক্সিং সংস্থা আৰু বঙাইগাঁও জিলা কিক বক্সিং সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় ষষ্ঠ অসম ৰাজ্যিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ লগতে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে কমলেশ্বৰ বৰুৱাই । ছহিদ তৰ্পণ কৰে মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী কুহিলা সৰকাৰ আৰু শিক্ষাবিদ ৰুদ্ৰেশ্বৰ পাঠকে ৷ একেদৰে বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তিত আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷