অসম

assam

By

Published : Oct 29, 2020, 6:27 PM IST

ETV Bharat / state

বিটিআৰ চুক্তিক লৈ বি পি এফ-বিজেপিয়ে ষড়যন্ত্ৰ কৰিছেঃ জমশ্বেৰ আলী

বিটিআৰ চুক্তিত উল্লেখ থকা গাঁও অন্তৰ্ভুক্ত আৰু কৰ্তন সন্দৰ্ভত বি পি এফ আৰু বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে চক্ৰান্ত কৰাৰ অভিযোগ বিটিআৰ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জমশ্বেৰ আলীৰ। বিজনীস্থিত বড়োবাজাৰ ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত এই অভিযোগ উত্থাপন কৰে মুখপাত্ৰগৰাকীয়ে।

বিটিআৰ চুক্তিক লৈ বি পি এফ-বি জে পিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ জমশ্বেৰ আলীৰ
বিটিআৰ চুক্তিক লৈ বি পি এফ-বি জে পিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ জমশ্বেৰ আলীৰ

চিৰাং, ২৯ অক্টোবৰ: বিটিআৰ চুক্তিক লৈ বিপিএফ আৰু বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিটিআৰ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জমশ্বেৰ আলীয়ে। বড়ো আৰু অনাবড়ো লোকক উত্তেজিত কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ তুলিছে মুখপাত্ৰগৰাকীয়ে।

এই সংক্ৰান্তত তেওঁ বুধবাৰে চিৰাঙৰ এখন বি পি এফৰ সভাত চৰকাৰৰ প্ৰতিনিধি তথা মন্ত্ৰী চন্দন ব্ৰহ্মই বিটিআৰৰ পৰা এখনো গাঁও ওলাই যাব নিদিও বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যোৱা ১৭ অক্টোবৰত চিৰাঙৰ ছিডলীত এবছুৰ এখন সভাত জয়ন্ত বসুমতাৰীয়ে মন্তব্য কৰিছিল যে,ইতিমধ্যে বিটিআৰৰ বাহিৰৰ বহুতো গাঁও অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে আৰু এখনো গাঁও কৰ্তনৰ বাবে আবেদন অহা নাই।

জমশ্বেৰ আলীয়ে এই মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে,বিজেপিয়ে বিটিআৰ চুক্তিৰ ভিত্তিত গাঁও অন্তৰ্ভুক্ত আৰু কৰ্তন কামটো আৰম্ভ কৰি এই অঞ্চলত গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰি ষড়যন্ত্ৰ ৰচনা কৰিছে। লগতে অসম চৰকাৰে গাঁও কৰ্তন আৰু অন্তৰ্ভুক্ত সন্দৰ্ভত পি বি বাৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চ ক্ষমতা সম্পন্ন কমিটীৰ সদস্য জয়ন্ত বসুমতাৰীক এই সম্পৰ্কে আগতীয়াকৈ মন্তব্য প্ৰকাশ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আনফালে, বিজেপিয়ে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে মহামাৰীৰ আলম লৈ বিটিচি নিৰ্বাচন পিছুৱাই আছে বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ বি টি চি নিৰ্বাচনত এখনো আসন লাভ কৰিব নোৱাৰে বাবে শংকিত হৈ বিটিচি নিৰ্বাচন পিছুৱাই পলাই আছে বুলি সমালোচনা কৰে। বি জে পিয়ে মুকলিকৈ বিপিএফক আৰু ভিতৰি ভিতৰি ইউ পি পি এলৰ লগত বন্ধুত্ব কৰি ৰাজনৈতিক লাভালাভৰ বাবে বিটিআৰ অঞ্চলত সংঘাত সৃষ্টি কৰিব বিচাৰিছে বুলিও অভিযোগ তুলিছে কংগ্ৰেছৰ মুখপাত্ৰ জমশ্বেৰ আলীয়ে।
লগতে পঢ়ক:অসম আৰক্ষীৰ ফ্লেগ দিৱস পালন

ABOUT THE AUTHOR

...view details