অসম

assam

ETV Bharat / state

বানৰ মাজত চিৰাঙত হাতীৰ তাণ্ডৱ

চিৰাং জিলাৰ বিজনীৰ ৩নং বিষ্ণুপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ। কেবাটাও ঘৰ ভঙাৰ লগতে ৰঞ্জন বৰ্মন নামৰ এজন লোকৰ দোকান লণ্ড-ভণ্ড ৷

By

Published : Jul 16, 2019, 7:47 PM IST

বানৰ মাজত চিৰাঙত হাতীৰ তাণ্ডৱ

চিৰাং,16 জুলাই: চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰত বন্য হাতীৰ তাণ্ডৱ। চাৰিওদিশে বানপানী তাৰ মাজতে আকৌ বন্য হস্তীৰ তাণ্ডৱ। কুম্ভ কৰ্ণৰ নিদ্ৰাত বন বিভাগ। বিষ্ণুপুৰ ভিচিডিচিৰ সভাপতি গদাধৰ দাসে জনায় যে নিতৌ মানাহৰ পৰা ওলাই অহা বন্য হস্তীৰ জাকে তাণ্ডৱ চলায় অঞ্চলটোত কিন্ত এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বন বিভাগে।

বানৰ মাজত চিৰাঙত হাতীৰ তাণ্ডৱ

চিৰাং জিলাৰ এই অঞ্চল সমুহত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱা কোনো নতুন কথা নহয়।এতিয়া মানাহত বানপানী হোৱাৰ বাবে খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীয়ে এইদৰে খাদ্যৰ সন্ধানত তাণ্ডৱ চলাই।

বানৰ মাজত চিৰাঙত হাতীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details