অসম

assam

ETV Bharat / state

চিৰাঙত বানত জাহ গ'ল 27 টা পৰিয়ালৰ বাসগৃহ - Chirang District

আই নদীৰ গৰাখহনীয়াত চিৰাঙত নিচিহ্ন হোৱাৰ পথত এখন গাঁও ৷ ইতিমধ্যে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় স্থানীয় ৰাইজে ৷

Aie river erosion Nepalpara villege in Chirang District
চিৰাঙত বানত জাহ গ'ল 27 টা পৰিয়ালৰ বাসগৃহ

By

Published : Jul 20, 2020, 10:25 PM IST

চিৰাং, 20 জুলাইঃ চিৰাং জিলাৰ নেপালপাৰা গাঁৱত আই নদীৰ গৰাখহনীয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ‍্যে খহনীয়াত আই নদীৰ বুকুত জাহ গৈছে গাঁওখনৰ ২৭ টা পৰিয়ালৰ বাস গৃহ ।

চিৰাঙত বানত জাহ গ'ল 27 টা পৰিয়ালৰ বাসগৃহ

দীৰ্ঘ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আই নদীৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে চিৰাং জিলাৰ নেপালপাৰা গাঁৱত। ইতিমধ্যে গাঁওখনৰ ২৭ টা ঘৰৰ পৰিয়াল গৰাখহনীয়া জাহ যোৱাৰ উপৰিও গাঁওখনৰ আধাতকৈ অধিক অংশ আই নদীয়ে খহাই নিয়ে । উল্লেখ্য যে,গাঁও খনৰ এফালে আছে আই নদী আনফালে আছে নাঙলভাঙা নদী । ইতিমধ্যে দুয়োখন নৈৰ গৰাখহনীয়াই নিশ্চিহ্ন কৰিবলৈ লৈছে গাঁওখন । দীৰ্ঘ দিনৰে পৰা নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছিল যদিও এতিয়ালৈ জিলা প্ৰশাসন বা চৰকাৰে কোনো ধৰণৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই ।

চিৰাঙত বানত জাহ গ'ল 27 টা পৰিয়ালৰ বাসগৃহ

সোমবাৰেও আই নদীৰ বাঢ়নী পানীয়ে অঞ্চলটো বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ । ইফালে নদীৰ পানী বৃদ্ধি পোৱাত ইতিমধ্যে নাও চলাচলো বন্ধ হৈ পৰিছে ৷ ফলত গাঁওখনলৈ অহা যোৱা কৰিব পৰা নাই কোনো এজন লোক ৷ ফলত নদী দ্বীপত পৰিণত হোৱা গাঁওখনৰ লোক সকল এতিয়া মহা বিপদৰ সন্মুখীন হৈ পৰিছে । যিকোনো মুহুৰ্তৰ ভিতৰতে সন্মুখীন হ'ব পাৰে মহাবিপদৰ ৷ তাক লৈ এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ সকল ৷

লগতে পঢ়ক- কেমেৰাৰ সন্মুখতে বাঢ়নী পানীয়ে উটুৱাই নিলে বিদ্যালয়

For All Latest Updates

ABOUT THE AUTHOR

...view details