অসম

assam

By

Published : Aug 2, 2019, 9:01 AM IST

ETV Bharat / state

চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা কঁঠীয়া বিতৰণ

চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা বানাক্ৰান্ত কৃষকৰ মাজত ১৫০ বিঘা মাটিত ৰঞ্জিত ছাব ওৱান প্ৰজাতিৰ উন্নত মানৰ শালি ধানৰ কঁঠীয়া বিতৰণ কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ লগতে অনিৰাম মুছাহাৰী সহ জিলা কৃষি বিভাগৰ ভালে সংখ্যক লোক ৷

চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা কঠীয়া বিতৰন

চিৰাং, 2 আগষ্ট: চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা বানাক্ৰান্ত কৃষকক উন্নত মানৰ শালি ধানৰ কঁঠীয়া বিতৰণ কৰা হয় ৷ চলিত বৰ্ষত তিনি বাৰকৈ হোৱা বানে নামনি অসমৰ চিৰাং জিলাত ব্যাপক ক্ষতিসাধন কৰিছে ৷ কৃষক সকলৰ এই ক্ষতিৰ প্ৰতি লক্ষ্য কৰিয়ে অসম চৰকাৰৰ কৃষি বিভাগে অসমৰ প্ৰতিখন জিলাৰ কৃষি বিভাগক সমূহীয়া নাৰ্চাৰী কঁঠিয়াতলি কৰাৰ নিৰ্দেশ দিয়ে ৷ সেই মৰ্মে চিৰাং জিলা কৃষি বিষয়া সদানন্দ মুছাহাৰীয়ে কয় যে চৰকাৰৰ নিৰ্দেশনা মতে চিৰাঙৰ কাশিকত্ৰাত ১৫০ বিঘা মাটিত ৰঞ্জিত ছাব ওৱান প্ৰজাতিৰ শালিধানৰ কঁঠীয়াৰ ব্যৱস্থা কৰা হয় ৷ বৃহস্পতিবাৰে জিলাখনৰ বান ক্ষতিগ্ৰস্ত খেতিয়ক সকলৰ মাজত জিলা কৃষি বিভাগে কঁঠীয়া বিতৰণ কৰে ৷ জিলাখনৰ কাজলগাঁও মহকুমাত সামান্য বান ক্ষতিগ্ৰস্ত খেতিয়ক থাকিলেও বিজনী মহকুমাত খেতিয়ক সকল অধিক ক্ষতিগ্ৰস্ত হৈছে আৰু জিলা কৃষি বিভাগে প্ৰায় ১৫০০ ৰ পৰা দুহেজাৰ কৃষকক এই কঁঠীয়া বিতৰণ কৰিব পাৰিব বুলিও জনায় জিলা কৃষি বিষয়া জনে ৷ আনহাতে চিৰাঙৰ কৃষকক কঁঠীয়া বিতৰণ কৰাৰ পিচতো যদি কঁঠীয়া ৰৈ যায় সেয়া অন্য জিলাৰ কৃষকৰ মাজতো বিতৰণ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে কৃষি বিভাগে ৷ বৃহস্পতিবাৰৰ এই কঁঠীয়া বিতৰণ অনুষ্ঠানত উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ লগতে অনিৰাম মুছাহাৰী সহ জিলা কৃষি বিভাগৰ ভালে সংখ্যক লোক ৷

চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা কঁঠীয়া বিতৰণ

ABOUT THE AUTHOR

...view details