অসম

assam

By

Published : Sep 17, 2022, 2:22 PM IST

ETV Bharat / state

আদিবাসীসকলক শান্তি চুক্তি স্বাক্ষৰে সুকীয়া পৰিচয় প্ৰদান কৰিব: দুৰ্গা হাছদা

অসমৰ আদিবাসীসকলৰ যুদ্ধ বিৰতিত থকা 5 টাকৈ সশস্ত্ৰ সংগঠনৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পন্ন হ’ল শান্তি চুক্তি স্বাক্ষৰ ৷ এই চুক্তি স্বাক্ষৰ কৰি উভতি অহা আদিবাসী সংগঠন বিৰ্ছা কমাণ্ডো ফোৰ্চৰ নেতৃত্বক শুকুৰবাৰে চিৰাঙৰ সুন্দৰীত ব্যাপক আদৰণি জনোৱা হয় (Chirang Adibashi peace agreement leaders welcome) ।

Etv BharatAdibashi peace accord leaders welcome in Chirang
আদিবাসীসকলক শান্তি চুক্তি স্বাক্ষৰে সুকীয়া পৰিচয় প্ৰদান কৰিব : দুৰ্গা হাছদা

চিৰাং, 17 ছেপ্টেম্বৰ :অসমৰ আদিবাসীসকলৰ যুদ্ধ বিৰতিত থকা 5 টাকৈ সহস্ত্ৰ সংগঠনৰ নেতৃত্বই নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি উভতি অহাত চিৰাঙৰ সুন্দৰী আৰু চম্পা বজাৰত ব্যাপক আদৰণি জনাই আদিবাসী জনতাই (Adibashi peace accord leaders welcome in Chirang) ।

আদিবাসী বিভিন্ন দল-সংগঠনৰ নেতৃত্বই ফুলাম গামোছাৰে আদৰণি জনাই শান্তি চুক্তি স্বাক্ষৰকাৰী বিৰ্ছা কোমাণ্ডো ফোৰ্চৰ নেতৃত্বক । আদিবাসী সহস্ত্ৰ সংগঠন বিৰ্ছা কমাণ্ডো ফোৰ্ছৰ সভাপতি দুৰ্গা হাছদা, সাধাৰণ সম্পাদক লকেন্দ্ৰ হেমব্ৰম, মুখ্য সেনাধ্যক্ষ সুভাস তিৰ্কি, উপ সেনাধ্যক্ষ বিজয় সেশেক জিলাখনৰ সুন্দৰীত ঢোলে ডগৰে নাচি বাগি ফটকা ফুটাই আদৰণি জনোৱা পৰিলক্ষিত হয় ।

আদৰণি অনুষ্ঠানত উপস্থিত হৈ বিৰ্ছা কোমাণ্ডো ফোৰ্চৰ সভাপতি দুৰ্গা হাছদাই কয়, এই চুক্তি স্বাক্ষৰে অসমত আদীবাসীসকলক এটা নিজস্ব পৰিচয় প্ৰদান কৰিছে। এই চুক্তিয়ে আদীবাসী সকলক জনজাতীকৰণ কৰিব আৰু আদীবাসী উন্নয়ন পৰিষদ গঠন হ’ব ।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পন্ন হ’ল শান্তি চুক্তি স্বাক্ষৰ

বনাঞ্চলৰ আদিবাসীসকলক ভূমিপাট্টা দিব, সহস্ত্ৰ সংগঠনৰ সদস্যসকলে কৰ্মসংস্থাপন লাভ কৰিব । স্বাধীনতাৰ 76 বছৰ পিচত আদীবাসীসকলে এই চুক্তিৰ জৰিয়তে সুকীয়া পৰিচয় লাভ কৰিলে । চাহ জনজাতিৰ নামত যি ৰাজনীতি হৈ আছিল সেয়া দিল্লীতে কাটি থৈ আহিলো বুলি মন্তব্য কৰে দুৰ্গা হাছদাই ।

লগতে পঢ়ক :আজি তেজপুৰত উপস্থিত হ’ব ITBPৰ লং ৰেঞ্জ পেট্ৰলিং দল

বিৰ্ছা কোমাণ্ডো ফোৰ্চৰ মুখ্য সেনাধ্যক্ষ সুভাস তিৰ্কি (বীৰ সিং মুণ্ডা)য়ে কয়, ‘‘আদিবাসী সকলৰ মুক্তিৰ কাৰণে তেজ দিয়াসকলৰ তেজৰ মূল্য আমি দিব নোৱাৰিলেও কিছু এটা কৰিবলৈ আগবাঢ়িছো এই চুক্তিৰ জৰিয়তে । দীৰ্ঘদিনৰ মূৰত আদিবাসীসকলে এই চুক্তিৰ জৰিয়তে সংবিধান প্ৰদত্ত এটা পৰিচয় লাভ কৰিছে ।

জনজাতিকৰণৰ বিষয়টো চুক্তিত সন্নিবিষ্ট কৰিছে । কম দিনৰ ভিতৰতে জনজাতিকৰণ হ’ব আদিবাসীসকল । সহস্ত্ৰ সংগ্ৰামীসকলৰ কৰ্মসংস্থাপন দিয়া,আসীবাসী উন্নয়ন পৰিষদ গঠন কৰা, এহেজাৰ কোটিৰ বিশেষ পেকেজ এই চুক্তিত ঠাই পাইছে । এই চুক্তিৰে আমি আমাৰ জনগোষ্ঠীয় কলা-সংস্কৃতি,পৰিচয় ৰক্ষা কৰিবলৈ সক্ষম হ’ম ।

আদিবাসীসকলক শান্তি চুক্তি স্বাক্ষৰে সুকীয়া পৰিচয় প্ৰদান কৰিব : দুৰ্গা হাছদা

ইয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে বীৰসিং মুণ্ডাই । এই আদৰণি অনুষ্ঠানত কুড়ুৰ সাহিত্য সভা, আছা, চাউতাল সাহিত্য সভা, মুণ্ডা সাহিত্য সভা, চাউতাল ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনৰ কেবা শ লোক উপস্থিত থাকে ।

একেদৰে জিলাখনৰ চম্পা বজাৰত চুক্তি স্বাক্ষৰকাৰী কোব্ৰা মিলিটেন্ট ফোৰ্চৰ নেতৃত্বক আদৰণি জনাই আদিবাসী জনতা আৰু বিভিন্ন দল সংগঠনে । কোব্ৰা মিলিটেন্টৰ নেতা জেব্ৰিয়াছ খাখাই আদৰণি অনুষ্ঠানত কয়, ‘‘আদিবাসীসকলৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি লৈ এসময়ত যুদ্ধ বিৰতিত আহিছিলো আৰু এটা সপোন আছিল শান্তি চুক্তিৰ ।

বৃহস্পতিবাৰে সেই বহু আকাঙ্খিত শান্তি চুক্তি হ’ল ৷ য’ত আদিবাসীসকলৰ সুকীয়া পৰিচয়ৰ লগতে বহু সা-সুবিধা সন্নিবিষ্ট আছে’’ । সংগঠনটোৰ নেতা বাদল টুডুয়ে কয়, ‘‘এই চুক্তি এক ঐতিহাসিক চুক্তি । যাৰ জৰিয়তে আদিবাসীসকলে সুকীয়া পৰিচয় লাভৰ লগতে নিজৰ অস্তিত্ব, সুৰক্ষা আৰু উন্নয়নৰ পোহৰ লাভ কৰিব’’ ।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত হেজাৰোধিক বিভিন্ন আদীবাসী দল সংগঠনৰ নেতৃত্বই উপস্থিত থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত পঞ্চম বাৰ্ষিকী ৰাষ্ট্ৰীয় পোষণ মাহ পালন

ABOUT THE AUTHOR

...view details