অসম

assam

ETV Bharat / state

সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ;স্মাৰক পত্ৰ প্ৰদান - মহকুমাধিপতি

"বিটিচিৰ ভূমি বাংলাদেশীৰ দখলত বুলি" কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত আমছুৰ সংবাদ মেল । আনহাতে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷

সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Sep 13, 2019, 7:33 PM IST

চিৰাং,13ছেপ্টেম্বৰঃ "হেৰিটেজ ফাউণ্ডেচন নামৰ পাৱত গজা সংগঠনে বিটিচিৰ শান্তিশৃংখলা বিনষ্ট কৰাৰ উদ্দেশ্যে বিভ্ৰান্তিকৰ মন্তব্য দিছে ।" সংগঠনটোৱে বিটিচিৰ ভূমি বাংলাদেশীয়ে দখল কৰা বুলি সংবাদ মাধ্যমযোগে প্ৰচাৰ কৰা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ লগতে এনে সংঘাত সৃষ্টি কৰিব বিচৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰীয়া প্ৰকাশ কৰি আমছুৰ সভাপতি জনে সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৷ লগতে পুনৰ এনেধৰণৰ গোষ্ঠী সংঘাতৰ সূত্ৰপাত হ'ব পৰা মন্তব্য যাতে কোনো দল-সংগঠনে নকৰে তাৰো আহ্বান জনায় ৷ তেওঁ লগতে কয় যে বিটিচিৰ সকলো অঞ্চলতে বড়ো-অবড়ো সকলো লোকে মিলাপ্ৰীতি আৰু শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে । ইয়াৰোপৰি এই সংবাদমেলতে আমছুৰ সভাপতি জনে বিটিচি নিৰ্বাচনৰ পূৰ্বেই বিটিচিত সংখ্যালঘু লোকৰ ভূমিৰ সমস্যা সমাধানৰ দাবী জনায় ।

সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ


আনহাতে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মহকুমাটোৰ অন্তৰ্গত বিভিন্ন বৌদ্ধ মঠসমূহত ভিক্ষুৰ বেশ ধাৰণ কৰা সন্দেহযুক্ত বাংলাদেশী ভিক্ষুৰ আগ্ৰাসনকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ শুকুৰবাৰে মাৰ্ঘেৰিটা ৰংগ মঞ্চৰ পৰা মহকুমাধিপতি কাৰ্যালয়লৈ এক সমদল কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদৰ অন্তত মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰি অনতিপ্ৰলমে সন্দেহজনক বাংলাদেশী বৌদ্ধ বৌদ্ধ ভিক্ষুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ।

সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details