অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ ঢালিগাঁৱত আমছুৰ সজাগতা সমদল

সংখ্যালঘু সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ অ-সামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে ছাত্ৰ সংগঠন আমছুৰ কেন্দ্ৰীয় সমিতিয়ে এলানি কাৰ্যসূচী ঘোষণা কৰিছিল আৰু সেই মতেই সমগ্ৰ অসমত আমছুৰ জিলা আৰু আঞ্চলিক সমিতি সমূহে এই ধৰণৰ সজাগতামূলক কাৰ্য্যসূচি ৰূপায়ন কৰি আহিছে ।

By

Published : Jun 30, 2019, 2:11 PM IST

বঙাইগাঁৱৰ ঢালিগাঁৱত আমছুৰ সজাগতা সমদল

বঙাইগাঁও , ৩০ জুন:সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে সমগ্ৰ অসমতে সংখ্যালঘু সমাজত প্ৰচলিত থকা বিভিন্ন অসামাজিক কাৰ্য্যকলাপ বন্ধৰ দাবীত সজাগতামুলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । তেনে সময়তে আজি বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ঢালিগাঁও আঞ্চলিক সমিতি আমছুয়ে বৰপথাৰ বজাৰৰ পৰা আৰম্ভ কৰি বৰপথাৰ দীৰ্ঘ প্ৰায় পাঁচ কি:মি: অতিক্ৰম কৰি পুনৰ বৰপথাৰ প্ৰাথমিক বিদ্যালয়লৈ এক সজাগতা সমদল উলিয়াই । এই সজাগতা সমদলৰ পিচতে আন এক সজাগতা সভা অনুষ্ঠিত হয় ।

বঙাইগাঁৱৰ ঢালিগাঁৱত আমছুৰ সজাগতা সমদল

বঙাইগাঁও জিলা সমিতি আমছুৰ সভাপতি হজৰত আলীৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাত সংখ্যালঘু সমাজত প্ৰচলিত বাল্যবিবাহ, শিশু শ্ৰমিক, মদ, জুৱাকে আদি কৰি সকলোবোৰ অসামাজিক কাৰ্যকলাপৰ বিষয়ে সজাগতামূলক আলোচনা কৰা হয় । এই সভাত বঙাইগাঁও জিলা সমিতি আমছুৰ উপদেষ্টা তফিৰুদ্দিন আহমেদ উপস্থিত থাকি নিজৰ বক্তব্য আগবঢ়াই । সমগ্ৰ অসমতে সংখ্যালঘু সমাজত প্ৰচলিত থকা এই সমূহ অসমাজিক কাৰ্য্যকলাপ বন্ধ নকৰালৈকে জনগোষ্ঠীটোৰ উন্নয়ন সম্ভৱ নহয় বুলি আমছু নেতৃত্বই মন্তব্য কৰে । সেয়ে সংগঠনটোৱে সংখ্যালঘু সমাজৰ সমূহ নেতৃত্ব আৰু স্থানীয় লোকৰ লগতে যুৱক সকলক এই ক্ষেত্ৰত আগবাঢ়ি আহি জনগোষ্ঠীটোক উদ্ধাৰৰ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details