অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - Gunfight breaks out at Jammu

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-3pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Dec 28, 2022, 3:16 PM IST

PM Modi mother hospitalized: প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক চিকিৎসালয়ত ভৰ্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ৷ আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হীৰাবেন মোদীক (Hiraben Modi admitted to hospital) ৷ মাতৃৰ কাষলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী ৷

Electricity tariffs hiked: প্ৰতি ইউনিটত 30 পইচাকৈ পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল

আকৌ বৃদ্ধি পালে বিদ্যুৎ মাচুল (Electricity charges hiked in Assam) ৷ নতুন বছৰত নতুন নিৰিখত বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব অসমৰ ৰাইজে ৷ ইতিমধ্যে জাননী যোগে এই কথা অৱগত কৰিছে অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে (APDCL hiked electricity charges) ৷ এতিয়াৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বাবে 30 পইচাকৈ বেছি ভৰিব ৰাইজে ৷

IND vs SL series 2023 : বছৰৰ প্ৰথম শৃংখলা, দুই অধিনায়কৰ ওপৰত থাকিব প্ৰচণ্ড চাপ ?

বছৰৰ আৰম্ভণিতে হ'বলগা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে দল (Indian team announced for upcoming series)। টি-২০ দলত নাথাকিব ঋষভ পন্ত, ভুৱনেশ্বৰ কুমাৰ, ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল । নতুন দুগৰাকী খেলুৱৈক স্থান দিয়া হৈছে দলত ।

Bhabesh Kalita on Congress: ৰঙিয়াত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা ভৱেশ কলিতাৰ

ৰঙিয়াত কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita on Congress) । আজিৰ তাৰিখত কংগ্ৰেছ দল নচলে । কংগ্ৰেছ দল এতিয়া দুই টকীয়া নোটত পৰিণত হ'ল । দুই টকীয়া নোট যেতিয়া বজাৰত নচলে কংগ্ৰেছৰো অৱস্থা এতিয়া একে হৈছে । কংগ্ৰেছৰ তোষামোদ, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, পৰিয়ালবাদৰ বাবে ভাৰতৰ ৰাইজে কংগ্ৰেছ দলক বিদায় দিছে বুলি তীব্ৰ কটাক্ষ কৰে কলিতাই । আনহাতে অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰি কয় যে, অখিল গগৈয়ে কিছুমান বস্তু দেখাবলৈ যায় সংবাদ মাধ্যমৰ আগত (Bhabesh Kalita criticizes Akhil Gogoi) ।

Mock drill on Covid 19: ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ধেমাজি জিলা স্বাস্থ্য বিভাগ

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ উদ্বিগ্ন বিশ্ববাসী ৷ চীনত ক‘ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি এইবাৰ সমগ্ৰ দেশে আগতীয়াকৈ অৱলম্বন কৰিছে বিভিন্ন সতৰ্কতা বিধি (Mock drill on Covid 19) ৷ ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰাণালয়ৰ নিৰ্দেশ মতে, দেশৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্যখণ্ডসমূহত মংগলবাৰে মকড্ৰিল অনুষ্ঠিত কৰে ৷ একেদৰে ৰাজ্য চৰকাৰৰ নিৰ্দেশত ধেমাজিৰ জিলা স্বাস্থ্য বিভাগেও ধেমাজি অসামৰিক চিকিৎসালয়ত মকড্ৰিলৰ কাৰ্যসূচী অনুষ্ঠিত কৰি ক’ভিডৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হোৱা বুলি জানিবলৈ পৰা গৈছে(Covid 19 in Assam) ৷

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত দৃষ্টি ৰাখিবলৈ APCCৰ 12জনীয়া উচ্চস্তৰীয় কমিটী গঠন

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক সূক্ষ্মভাৱে অধ্যয়ন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গঠন কৰিছে এখন 12জনীয়া উচ্চস্তৰীয় কমিটী ৷ কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে কমিটি ৷ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া যদি বিধিগত ভাৱে নহয় তেন্তে তাৰ ন্যায়িক অথবা গণতান্ত্ৰিকভাৱে বিৰোধীতা কৰা হ’ব বুলি মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ ৷

Pig Syndicate in Assam: চিণ্ডিকেটৰ বাবে বিপদত টীয়কৰ স্থানীয় গাহৰি পালক

ৰাজ্য়ত বিভিন্ন ঠাইত বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা গাহৰিৰ চিণ্ডিকেট অব্যাহত আছে (Illegal pig smuggling in Assam)৷ বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাত অবাধে চলিছে এই বেহা । ফলত বহিঃৰাজ্যৰ পৰা অনা গাহৰিৰ বাবে টীয়কৰ গাহৰি পালকসকল শংকিত হৈছে ।

Delimitation of Constituencies: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মন্ত্ৰী অজন্তা নেওগৰ

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি মন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হলেও নতুন সমষ্টিত নিৰ্বাচনৰ বাবে সাজু বুলি মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

Success story of Tamulpur youth: গোৰেশ্বৰৰ উদ্যমী যুৱকৰ নেতৃত্বত আৰম্ভ অৰ্থনৈতিক বিপ্লৱ

তামুলপুৰ জিলাৰ এগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা সাৰ নিৰ্মাণকাৰী কোম্পানীয়ে দেশৰ বজাৰ দখল কৰিছে (Assam company success in national market)। নেপাল আৰু বাংলাদেশলৈও ৰপ্তানি হৈছে বিভিন্ন ৰাসায়নিক আৰু জৈৱিক সাৰ । নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ২০০ৰো অধিক লোকক দিছে সংস্থাপন ।

Gunfight breaks out at Jammu : জম্মুত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ৩ সন্ত্ৰাসবাদী নিহত

জম্মু জিলাৰ চিধৰা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই গুলীচালনাৰ ঘটনা (Gunfight breaks out at Sidhara)। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পোৱাৰ পাছতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ । গুলীচালনাত ৩ সন্ত্ৰাসবাদী নিহত হয় ।

ABOUT THE AUTHOR

...view details