অসম

assam

By

Published : May 24, 2022, 11:06 AM IST

ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 বাতৰি

11 বজাৰ শীৰ্ষ 10 বাতৰি

11 বজাৰ শীৰ্ষ 10 বাতৰি
11 বজাৰ শীৰ্ষ 10 বাতৰি

Road accident at Sipajhar : তীব্ৰবেগী ট্ৰাকে মহতিয়ালে প্ৰাতঃভ্ৰমণলৈ অহা লোকক, 5 গৰাকীৰ মৃত্যু

মঙলবাৰে নিচেই পুৱাতে ছিপাঝাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at Sipajhar) ৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত 5 গৰাকীকৈ ব্যক্তিৰ মৃত্যু ৷ প্ৰাতঃভ্ৰমণলৈ বুলি ওলাই আহিছিল উক্ত লোকসকল ৷ আৰক্ষীৰ বিৰুদ্ধে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেনে ৷

Model high school in tea garden area : মুখ্যমন্ত্ৰীৰ উদ্বোধনৰ পূৰ্বে বিদ্যালয় পৰিদৰ্শন সাংসদ পল্লৱলোচন দাসৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰত মুকলি কৰিব চাহ বাগিচাৰ কেইবাখনো মডেল উচ্চ মাধ্যমিক বিদ্যালয় (Assam CM to unveil high school at Tea Garden in Sonitpur) । যাৰ বাবে বিদ্যালয় কেইখনৰ সামগ্ৰিক খতিয়ান লোৱাৰ উদ্দেশ্যে সোমবাৰে তেজপুৰত উপস্থিত হয় সাংসদ পল্লৱলোচন দাস, জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু জিলাখনৰ অন্যান্য বিষয়াসকল ৷

বেংগালুৰুত ৰহস্যজনক মৃত্যুক সাৱটিলে বিহপুৰীয়াৰ মৌচুমীয়ে

আকৌ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱতীৰ (Death Of Assamese Teen Girl In Bengaluru) ৷ যুৱতীগৰাকী হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পোৰাবিলৰ মৌচুমী শইকীয়া (25) ৷ কৰ্মসূত্ৰে বেংগালুৰুত আছিল মৌচুমী ৷ সোমবাৰে পুৱা বেংগালুৰু আৰক্ষীৰ ফালৰ পৰা মৌচুমীয়ে আত্মহত্যা কৰা খবৰ লাভ কৰে পৰিয়ালে ৷ এই খবৰ লাভ কৰিয়েই দিশহাৰা হৈ পৰিছে মৌচুমীৰ আত্মীয় তথা পৰিয়ালৰ লোক ৷

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত আনলা কেডাৰৰ আত্মসমৰ্পণ

সোমবাৰে ডিব্ৰুগড়ত অস্ত্ৰ-শস্ত্ৰ সহ আত্মসমৰ্পণ কৰে আনলাৰ দুই কেডাৰে (Two anla cadres surrender in Dibrugarh) ৷ আত্মসৰ্পণকাৰী দুই কেডাৰ ক্ৰমে গোলাঘাট ৰঙাপাৰাৰ দীপক গোৱালা আৰু ৰাজ সাহানি বুলি জানিব পৰা গৈছে ৷

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ত সোমবাৰৰে পৰা আৰম্ভ হৈছে স্কীল ডেভলপমেণ্টৰ এখন তিনিদিনীয়া কৰ্মশালা(Three days workshop at Assam Agricultural University) ৷ স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ ৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত আই আই এইছ আৰ(IIHR) বেংগালুৰুৰ মুৰব্বী অধ্যাপক ড৹ এম এছ ৰাও আৰু আই এ আৰ আই (IARI) নতুন দিল্লীৰ মুখ্য বিজ্ঞানী ড৹ টি কে দত্তই মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ৷

75 Years of Independence : ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত যোগ মহোৎসৱ

দেশে সম্পূৰ্ণ কৰিছে স্বাধীনতা লাভৰ 75 বছৰ(75 Years of Independence) ৷ যাৰ বাবে উদযাপন কৰা হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ ইয়াৰ লগত সংগতি ৰাখি সোমবাৰে ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় যোগ মহোৎসৱ(Yoga program related to amrit mahotsav held in rangia mahavidyalaya) ৷

Mob torches Batadrava Police Station case: ৰেহাই নাপায় বটদ্ৰৱা কাণ্ডত জড়িত কোনো এজন ব্যক্তিয়ে

বটদ্ৰৱা কাণ্ডত জড়িত কোনো এজন দোষীয়ে ৰেহাই নাপায় (Batadrava police station incident)। কোনো নিৰ্দোষী লোক সন্মুখীন নহয় হাৰাশাস্তিৰ । গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধেও গ্ৰহণ কৰা হৈছে ব্যৱস্থা । অভিযুক্তৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

Cannes 2022: কাঁ চলচ্চিত্ৰ মহোৎসৱত এণ্ট্ৰি নাৰ্গিছ ফাখৰীৰ

বেবী পিংক পোছাক পিন্ধি কাঁ মহোৎসৱৰ ৰেড-কাৰ্পেটত খোজ দিলে মোহময়ী নাৰ্গিছে ৷

চাৰি উদ্যমী অসমীয়া উদ্যোগীয়ে দেখুৱাইছে নিদৰ্শন

অসমৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যবসায়ীয়ে ৷ এনে একাংশ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত যধে মধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ নকৰাকৈ চাহ উৎপাদন কৰা বাবে চাহৰ মানো নিম্নগামী হৈছে (Tea quality has gone down) ৷

গোৱালপাৰাত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে তিনিজনকৈ লোকে

গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ(Continued elephant man clashes in Lakhipur) । পুনৰ হাতীৰ আক্ৰমণত প্ৰাণ গল একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ (Three people lost their lives in elephant attack) । বহু আবেদন নিবেদনৰ পাছতো কানসাৰ নাই লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ ।

ABOUT THE AUTHOR

...view details