ঘোষণা কৰা হ’ল 2021 চনৰ সাহিত্যৰ নোবেল বঁটা ৷ তাঞ্জানিয়াৰ লেখক আব্দুল ৰেজাক গুৰ্ণাহক বৃহস্পতিবাৰে সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ৷
গুৱাহাটীৰ লগতে অসমৰ অন্যান্য অংশত ভূমিকম্পৰ জোকাৰণি ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰৰ(Myanmar) মান্দালয়ৰ(Mandalay) পৰা 148 কিলোমিটাৰ পশ্চিমত ৷ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল 5.5 ৷
মৰিগাঁৱত আৰক্ষীৰ লোকসকলৰ মানসিক স্বাস্থ্য শক্তিশালী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এক বিশেষ সজাগতা শিবিৰ ৷ বিশ্ব মানসিক স্বাস্থ্য সজাগতা সপ্তাহৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এই বিশেষ সজাগতা শিবিৰ ৷
দীৰ্ঘ বিৰতিৰ অন্তত অৱশেষত ভাৰতলৈ আহিব পাৰিব বিদেশী পৰ্যটক । ক'ভিড পৰিস্থিতিৰ বাবে যোৱা বছৰৰ পৰা বিদেশীসকলক প্ৰদান কৰা হোৱা নাছিল কোনো ধৰণৰ ভিছা । কিন্তু শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই মাহৰ পৰাই বিদেশীসকলক ভাৰতলৈ অহাৰ অনুমতি দিয়া হ'ব ।
শ্বেৰমান আলি আহমেদক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ জানিব পৰা মতে গীতানগৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল শ্বেৰমান আলিক ৷ এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰিলে আদালতে ৷
ৰাজ্যৰ তৈল উদ্যোগিক চহৰ দুলীয়াজান ভ্ৰমণ অসম বিধাসভাৰ সঁজাতি দলৰ ৷ বৃহস্পতিৰে দুলীয়াজানৰ অসম গেছ কোম্পানী(Assam Gas Company) আৰু দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড(DNPL) পৰিদৰ্শন কৰে দলটোৱে ৷ অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ৰ নেতৃত্বত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে সঁজাতি দলটোৱে ৷
আৰক্ষী প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতো তিতাবৰ মহকুমাত আইপিএলক কেন্দ্ৰ কৰি বৃহৎ জুৱা অব্যাহত আছে ৷ মহকুমাটোৰ গ্ৰামাঞ্চলত কিশোৰৰ পৰা বৃদ্ধলৈকে বহু লোক আসক্ত হৈছে এই আই পিএলৰ জুৱাত ৷ বুধবাৰে সন্ধিয়া বৰহোলা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই দুটাকৈ আইপিএল জুৱাৰীক আটক কৰে ৷ বৰহোলাৰ ৰজাবাৰী চাৰিআলিৰ এখন দোকানৰ পৰা আৰক্ষীয়ে আইপিএলৰ জুৱাত জড়িত থকাৰ অভিযোগত লোক দুজনক আটক কৰে ৷ ধৃত লোক দুজন ক্ৰমে ক্ষিৰোদ সোণোৱাল আৰু মন্টু গড় বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত জুৱাৰী দুটাৰ পৰা আৰক্ষীয়ে আইপিএল জুৱাত ব্যৱহৃত এটা ম'বাইল ফোন আৰু বুজন পৰিমাণৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷
সাংস্কৃতিক তথা শৈক্ষিক ৰাজধানী যোৰহাটত অসমীয়াৰ গৌৰৱ তথা অসমৰ জাতীয় উৎসৱ বিহুক চৰম অপমান কৰিলে বহুৰ্জাতিক কোম্পানী বিগ বজাৰে ৷ সংস্কৃতি প্ৰদৰ্শনৰ নামত চূড়ান্ত ভণ্ডামি কৰিলে বহুজাতিক কোম্পানীটোৰ একাংশ কৰ্মীয়ে ৷ "মানিকি মাগে হিথে" নামৰ তামিল গীতত অসমীয়াৰ বাপতি সাহোন বিহুক ফিউজন কৰি, বিহুৰ সাজত নাচনীক নাচিবলৈ বাধ্য কৰালে কোম্পানীটোৰ কৰ্মীয়ে ৷ এফালে বিদেশীয়ে অসমৰ ভেটি কাঢ়ি নিছে আৰু আনফালে অসমৰ বাপতি সাহোন বিহুক বিকৃত কৰাত নামি পৰিছে স্বাভিমান নাইকীয়া একাংশ অসমীয়া নামধাৰী লোক ৷ যোৰহাট বিগ বজাৰত যি ঘটনা ঘটিল সেইয়া নিশ্চিত ভাৱে কোনো স্বাভিমানি অসমীয়াই সহ্য কৰিব নোৱাৰে ৷ ইফালে সাংবাদিকৰ আগত দায় সৰা মন্তব্য বিগবজাৰ কৰ্তৃপক্ষৰ ৷ ঘটনা সংক্ৰান্তত ইতিমধ্যে যোৰহাটৰ একাংশ সাংবাদিকে আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছে ৷
উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা(Lakhimpur Kheri violence)ত প্ৰাাণ হেৰুওৱা কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰিলে সমাজবাদী পাৰ্টী(Samajwadi Party)ৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে(Akhilesh Yadav) । মৃত কৃষকৰ পৰিয়ালক ২ কোটি টকাৰ সাহায্য আৰু পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনায় সমাজবাদী পাৰ্টীৰ সভাপতিগৰাকীয়ে ।
স্বামী বাহিৰত থকাৰ সুযোগতে দুই সন্তানৰ এগৰাকী মাতৃয়ে একেখন গাঁৱৰে এজন অবিবাহিত যুৱকৰ লগত চলাই গৈছিল এক প্ৰেমৰ সম্পৰ্ক ৷ সকলোৰে অগোচৰে প্ৰায় পাঁচটা বছৰে দুয়োৰে মাজত চলি আছিল এই প্ৰেমৰ সম্পৰ্ক ৷ পিছে দিন বেয়া আছিল দুয়োৰে ৷ মহিলা গৰাকীৰ দেওৰেকৰ পৰিকল্পনা মতে নিজৰ ঘৰতেই অবৈধ সম্পৰ্কত লিপ্ত থকাৰ অৱস্থাত হাতে লোটে ধৰা পৰিল এই দুই প্ৰেমিক-প্ৰেমিকা ৷