মৰাণ, 9 অক্টোবৰ : চৰাইদেউৰ সাপেখাতীত সংঘটিত হৈছে এক অঘটন ৷ শুকুৰবাৰে সাপেখাতীৰ ঐতিহাসিক ধোদৰ আলিৰ ধনেখনাৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুলীয়াজান টিপলিঙৰ পৰা সাপেখাতীত বিয়া খাবলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে গাড়ীখনে ৷ যাৰ ফলত এটি আঢ়ৈ বছৰীয়া কন্যা শিশু আৰু শিশুটিৰ মাক থিতাতে নিহত হয় ৷
জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা কন্যা শিশুটিৰ নাম বেদস্মীতা সোণোৱাল আৰু নিহত শিশুটিৰ মাতৃৰ নাম ভাগ্যলক্ষ্মী সোণোৱাল (২৩) ৷ আনহাতে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বিদ্যাধৰ সোণোৱাল, চিন্টু ধাদুমীয়া আৰু পিংকী ধাদুমীয়া ৷ প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত AS 06AB-5212 নম্বৰৰ বাহন খনৰে আৰোহী আছিল আহত তিনি ব্যক্তি ৷