অসম

assam

By

Published : Dec 10, 2022, 10:25 PM IST

ETV Bharat / state

Asom Unnoti Sabha: আছুক সমালোচনা কৰি চৰাইদেউ জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

অপমান কৰি অহা হৈছে অসম উন্নতি সভাৰ(Charaideo District Unnoti Sabha) প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ৰোহিনী গগৈক ৷ এই অভিযোগ উত্থাপন কৰি শনিবাৰে পদত্যাগ কৰিলে চৰাইদেউ জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক যদুনাথ পুৰীয়ে ৷

Asom Unnoti Sabha
আছুক সমালোচনা কৰি চৰাইদেউ জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

আছুক সমালোচনা কৰি চৰাইদেউ জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

ডিব্ৰুগড়, 10 ডিচেম্বৰ : চৰাইদেউ জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক যদুনাথ পুৰীয়ে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছে (Secretary of Charaideo District Unnoti Sabha)৷ শনিবাৰে মৰাণত এখন সংবাদমেল সম্বোধন কৰি পুৰীয়ে এই কথা ঘোষণা কৰি কয়, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা জন্মগ্ৰহণ কৰা অসম উন্নতি সভাৰ(Asom Unnoti Sabha) প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ৰোহিনী গগৈক বিগত পাঁচ বছৰে কৰি অহা অপমানৰ প্ৰতিবাদ জনাই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

2002 চনৰ পৰা 2017 চনলৈ সুদীৰ্ঘ পোন্ধৰ বছৰ অসম উন্নতি সভাক নেতৃত্ব প্ৰদান কৰা বিশিষ্ট শিক্ষাবিদ তথা গণিতজ্ঞগৰাকীক ‘আছু’ৱে সম্পূৰ্ণৰূপে উপেক্ষা কৰা বুলিও অভিযোগ উত্থাপন কৰে যদুনাথ পুৰীয়ে ৷ উল্লেখ্য যে, 2017 চনৰ 9 এপ্ৰিলত ৰোহিনী গগৈৰ মৃত্যুৰ দিনা নিশা ‘আছু’ৰ উপদেষ্টা তথা অসম উন্নতি সভাৰ সেই সময়ৰ সাধাৰণ সম্পাদক ড॰ সমুজ্বল ভট্টাচাৰ্য উপস্থিত হৈ ৰেহিনী গগৈৰ পৰিয়ালবৰ্গৰ লগতে শোকাকুল মৰাণবাসীক শান্তনা দি ‘আছু’ৰ উদ্যোগত ৰাজহুৱা আদ্যশ্ৰাদ্ধ, বৃহৎ কলেবৰৰ স্মৰণিকা, নগৰখনৰ উপযুক্ত স্থানত প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

কিন্তু মূৰকত সেই ঘোষণা কাৰ্যকৰী নহ’ল ৷ পৰৱৰ্তী পৰ্যায়ত অঞ্চলটোৰ ৰাইজে ‘শিক্ষাবিদ ৰোহিনী কুমাৰ গগৈ স্মৃতি সুৰক্ষা সমিতি’ গঠন কৰি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়(Moran HS School) চৌহদত এখন সৰু উদ্যান আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম ২০১৮ বৰ্ষৰ ২৮ মে’ত শুভাৰম্ভ কৰে যদিও বিগত পাঁচ বছৰে উন্মোচন নহ’ল শিক্ষাবিদগৰাকীৰ প্ৰতিমূৰ্তি আৰু উদ্যান ৷

সেয়ে শনিবাৰে শ্বহীদ দিৱসৰ(Swahid Divas) দিনটোতে আছুক তীব্ৰ সমালোচনা কৰি চৰাইদেউ জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিলে মৰাণৰ জ্যেষ্ঠ সংবাদিক যদুনাথ পুৰীয়ে ৷

লগতে পঢ়ক :Assam Assembly winter session : ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

ABOUT THE AUTHOR

...view details