চৰাইদেউ, 13 ছেপ্টেম্বৰঃ চৰাইদেউ জিলাৰ সোণাৰি বন সংমণ্ডলৰ অন্তৰ্গত সোণাপুৰ অঞ্চলত দেওবাৰে এটা অজগৰ উদ্ধাৰ কৰে ৰাইজে । জানিব পৰা মতে, অঞ্চলটোৰ এঘৰৰ বাৰীত হাঁহ ভক্ষণ কৰি থকা অৱস্থাত হয় অজগৰটো । ৰাইজে সচেতনতাৰ পৰিচয় দি অজগৰটো বনবিভাগক চমজাই দিয়ে । প্ৰায় 10 কিলোগ্ৰাম ওজনৰ আছিল উদ্ধাৰকৃত অজগৰটো । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোৰ কেবাঘৰৰ পোহনীয়া জীৱ-জন্তুৰ অনিষ্ট সাধন কৰিছিল অজগৰটোৱে । অৱশেষত দেওবাৰে উদ্ধাৰ হয় অজগৰটো ৷
চৰাইদেউত হাঁহ ভক্ষণ কৰি থকা অৱস্থাত উদ্ধাৰ অজগৰ - সোণাৰিত অজগৰ উদ্ধাৰ
অঞ্চলটোৰ এঘৰৰ বাৰীত হাঁহ ভক্ষণ কৰি থকা অৱস্থাত হয় অজগৰটো । ৰাইজে সচেতনতাৰ পৰিচয় দি অজগৰটো বনবিভাগক চমজাই দিয়ে ।
চৰাইদেউ