অসম

assam

সোণাৰিত জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ স্মৃতি দিৱস পালন

By

Published : Dec 30, 2021, 9:36 PM IST

জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈক স্মৰণ চৰাইদেউবাসীৰ । মৈদামস্থলীত ডিম্বেশ্বৰ গগৈৰ স্মৃতিত আটাছুৱে পালন কৰে শ্বহীদ দিৱসৰ (Martyrs' Day in memory of Dimbeswar Gogoi) । শ্বহীদগৰাকীৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰে সাংসদ তপন কুমাৰ গগৈয়ে ।

Dimbeswar Gogoi
সোণাৰিত জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ স্মৃতি দিৱস পালন

মৰাণ,৩০ ডিচেম্বৰ :সদৌ তাই আহোম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে চৰাইদেউত শ্বহীদ দিৱস পালন কৰে । জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ স্মৃতিতসোণাৰিৰ সাপেখাটিত আটাছুৱে পালন কৰে এই শ্বহীদ দিৱসৰ (Martyrs' Day in memory of Dimbeswar Gogoi)। সদৌ তাই আহোম ছাত্র সন্থা চমুকৈ আটাছুৱে অনুষ্ঠিত কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসত ডামচাও ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলীৰ কাষতে এটা পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰে সাংসদ তপন কুমাৰ গগৈয়ে ।

সোণাৰিত জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ স্মৃতি দিৱস পালন

উল্লেখ্য যে ১৯৯০ চনত আলফাই ডিম্বেশ্বৰ গগৈক নৃশংসভাৱে হত্যা কৰি তিনিচুকীয়াৰ লক্ষীপথাৰত গণ কবৰ দিছিল । কিন্তু ৰহস্যজনকভাৱে আজিও হত্যাকাৰীয়ে শাস্তি নাপালে । মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ডিম্বেশ্বৰ গগৈৰ হত্যাকাৰীয়ে ।

আনহাতে কি কাৰণত আলফাই ডিম্বেশ্বৰ গগৈক হত্যা কৰিছিল সেই কথা পোহৰলৈ নাহিল । যাৰ বাবে শ্বহীদগৰাকীক স্মৰণ কৰাৰ লগতে তেওঁ হত্যাকাৰীক চিনাক্ত কৰি অতিশীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনায় আটাছুৱে ।

এই ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকাকলৈও প্ৰশ্ন তোলে সংগঠনটোৰ নেতাসকলে । ইফালে শ্বহীদ ডিম্বেশ্বৰ গগৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সাংসদ তপন কুমাৰ গগৈয়ে ডিম্বেশ্বৰ গগৈৰ হত্যাৰ কাৰণ স্পষ্ট কৰিবলৈ আহ্বান জনায় । শ্বহীদ দিৱসৰ কাৰ্যসূচীত ডিম্বেশ্বৰ গগৈৰ পৰিয়ালৰ লোক, আটাছুৰ কৰ্মী আৰু স্থানীয় লোকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

ABOUT THE AUTHOR

...view details