অসম

assam

ETV Bharat / state

নাজিৰাত সেনা আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান - ব্ৰাউন চুগাৰ

অভিযানত জব্দ হয় নিষিদ্ধ ড্ৰাগছ, এটা এনলীয়া বন্দুক

ব্ৰাউন চুগাৰ জব্দ

By

Published : Mar 25, 2019, 8:05 PM IST

নাজিৰা, 25 মাৰ্চঃ নাজিৰাত উৎখাত ড্ৰাগছৰ ঘাটি ৷ অসম আৰক্ষী আৰু সেনাৰ ডাও ডিভিজনৰ অভিযানত নাজিৰাত উৎখাতহয় বহুদিনৰ পৰাই চলি অহা এই নিষিদ্ধ ব্যৱসায় ৷

ঘটনা অনুসৰি ভাৰতীয় সেনাবাহিনীৰ ডাও ডিভিজনৰ অধীনস্থ চন্তক সেনা চাউনীয়ে নিষিদ্ধ ব্ৰাউন চুগাৰৰ ঘাটিৰ বিষয়ে গোপনে খবৰ লাভ কৰে ৷ পৰৱৰ্তী সময়ত সেনাৰ দলটোৱে নাজিৰা আৰক্ষীৰ লগতে নাজিৰা মহকুমা দণ্ডাধীশৰ সহযোগত নাজিৰা মেকিপুৰ চাহ বাগিছা চিকিৎসালয়ৰ কাষৰ ইজাজ আহমেদৰ বাসগৃহত এক অভিযান চলায় ৷ অভিযানৰ সময়তে দলটোৱে উদ্ধাৰ কৰে বহু পৰিমাণৰ ব্ৰাউন চুগাৰসহ চিৰিঞ্জ, এটা এনলীয়া বন্দুকতথা বহু নিষিদ্ধ সামগ্ৰী ৷

ব্ৰাউন চুগাৰ জব্দ

আনহাতে সেনা-আৰক্ষীৰ অভিযানৰ বিষয়ে খবৰ লাভ কৰি পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী ইজাজ আহমেদে ৷ অৱশ্যে অভিযানকাৰী দলটোৱে ইজাজ আহমেদৰ গৃহৰ পৰা মাইনা দাস নামৰ এজন যুৱকক আটক কৰাৰ লগতে ব্ৰাউন চুগাৰসহ নিষিদ্ধ সামগ্ৰী খিনি জব্দ কৰে ৷ ইতিমধ্যে ভাৰতীয় সেনাবাহিনীয়ে ঘটনা সন্দৰ্ভত নিজাৱবীয়াকৈ এক গোচৰ ৰুজু কৰাৰ লগতে পলাতক অভিযুক্ত ইজাজ আহমেদৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details