অসম

assam

ETV Bharat / state

চৰাইডেউত লক ডাউনৰ গইনা লৈ বন ধ্বংস - সোণাৰিৰ

চৰাইদেউৰ বনাঞ্চলত বন ধ্বংস যজ্ঞ বনদস্যুৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ লগতে দিল্লী আৰু হালোৱা সংৰক্ষিত বনাঞ্চলত ৷

AS_SVR_19TH_MAY_803_DEFORESTATION_7203499
চৰাইডেউত লক ডাউনৰ গইনা লৈ বন ধ্বংস

By

Published : May 19, 2020, 6:20 PM IST

শিৱসাগৰ,19মেঃ লক ডাউনৰ সুযোগ লৈ বন ধ্বংসযজ্ঞত নামিছে একাংশ লোক। চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ লগতে দিল্লী আৰু হালোৱা সংৰক্ষিত বনাঞ্চলত দিনে-নিশাই বনদস্যুৱে চলাইছে বন ধ্বংসযজ্ঞ। অসম-নগালেণ্ড সীমান্তত থকা চৰাইদেউ জিলাৰ অন্যতম বৃহৎ সংৰক্ষিত বনাঞ্চলখনত লক ডাউনৰ গইনা লৈ বহু মূল্যৱান গছ কাটি চোৰাংকৈ সৰবৰাহ কৰা তথ্য আহি পৰিছে ।

বনাঞ্চলখনৰ প্ৰায় ১৫ কিলোমিটাৰ ভিতৰৰ অতি দুৰ্গম এলেকাত বাহৰ পাতি বৃহৎ বৃহৎ মূল্যবান গছ কাটি বনাঞ্চলৰ ভিতৰতে গছৰ কুণ্ডা ফলা কাৰ্যই চকু কপালত তুলিছে প্ৰকৃতিপ্ৰেমী সকলক। ইফালে অসম-অৰুণাচল সীমান্তৰ দিল্লী আৰু হালোৱা সংৰক্ষিত বনাঞ্চল দুখনতো সৰু সৰু শিবিৰ স্থাপন কৰি মূল্যবান গছ কটাত উঠিপৰি লাগিছে একাংশ বনদস্যু । আনহাতে সোণাৰিৰ নাফুকস্থিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলখনত নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণৰ পাছতো বন বিভাগে কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

মন কৰিবলগীয়া যে বিগত বৰ্ষত সোণাৰিৰ একাংশ সাংবাদিকক লগত লৈ চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ২০ কিলোমিটাৰ ভিতৰলৈ পদযাত্ৰা কৰি অভিযান চলাওঁতে পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য। যিবোৰ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছিল সেই সময়ত। নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চল খনৰ মাটি বেদখল কৰাৰ লগতে বনাঞ্চলৰ ভিতৰত অনুপ্ৰেৱশ কৰি গছ কাটি থকা অৱস্থাত কেইবাটাও নগা দুষ্কৃতিকাৰীক সেই সময়ত আটক কৰা হৈছিল যদিও আইনৰ সুৰুঙাৰে জামিনত মুক্তি পাইছিল দুষ্কৃতিকাৰী কেইটাই। তাৰ পিছতো কিন্তু গা-নলৰিল বন বিভাগৰ যাৰ ফলত বন বিভাগৰ কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবে এতিয়া লক ডাউনৰ সুযোগ লৈ পুনৰ বন ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে চোৰাং কাঠ ব্যৱসায়ীয়ে। এইক্ষেত্ৰত বন বিভাগে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ‘ব লক্ষণীয়।

লগতে পঢ়কঃ নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ

ABOUT THE AUTHOR

...view details