অসম

assam

ETV Bharat / state

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মহোৎসৱৰ আয়োজন - বিশ্ব ঐতিহ্য ক্ষেত্ৰ

Charaideo mahotsav 2024: 2024 চনৰ 5, 6 আৰু 7 জানুৱাৰীত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ 2024 ৷

Charaideo mahotsav 2024
ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মহোৎসৱৰ আয়োজন

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 2:15 PM IST

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মহোৎসৱৰ আয়োজন

চৰাইদেউ, 31 ডিচেম্বৰ : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আগবঢ়িছে চৰাইদেউ মৈদাম । ইয়াৰ প্ৰকক্ষণত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱ । আগন্তুক নৱবৰ্ষৰ 5, 6 আৰু 7 জানুৱাৰীত অনুষ্ঠিত হ’ব চৰাইদেউ মহোৎসৱ 2024 ৷

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক সভাপতি, জ্যোতিষ কোঁৱৰ আৰু পবিত্ৰ গগৈক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা উদযাপন সমিতিয়ে ইতিমধ্যে মহোৎসৱৰ প্ৰস্তুতি অব্যাহত ৰাখিছে । অসম চৰকাৰৰ পৰ্যটন নিগমৰ উদ্যোগত আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত আয়োজিত চৰাইদেউ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে অৱগত কৰে উদযাপন সমিতিয়ে । টাই-আহোম জনগোষ্ঠীৰ লোক সংস্কৃতিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী তথা থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা তথা বিভিন্ন কাৰ্যসূচীৰ উপৰিও বৃহৎ বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলাৰো আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱত ।

পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে অনুষ্ঠিত কৰা এই চৰাইদেউ মহোৎসৱৰ মুকলি সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যসভা তথা লোকসভাৰ কেইবাগৰাকীও সাংসদ, অসম চৰকাৰৰ মন্ত্ৰীও উপস্থিত থাকিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

উল্লেখ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী । যোৱা 7 অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিছিল ইউনেস্কোৰ বিশেষ প্ৰতিনিধিয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া চৰাইদেউ মৈদামত সেই চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰাক লৈ চলিছে ব্যাপক প্ৰস্তুতি।

লগতে পঢ়ক:গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফাৰ দল, বিমানবন্দৰত উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details