অসম

assam

By

Published : Feb 18, 2020, 11:05 PM IST

ETV Bharat / state

নাজিৰাত 2021 চনৰ নিৰ্বাচনৰ ৰণশিঙা বিজেপিৰ, ওভতনি যাত্ৰাত ক‘লা পতাকাৰ মুখামুখী ৰঞ্জিৎ দাসৰ

শিৱসাগৰৰ শিমলুগুৰিত মঙলবাৰে বিজেপিৰ সাংগঠনিক সভা ৷ শিমলুগুৰি নাট্যমন্দিৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় এই সাংগঠনিক সভাৰ ৷ শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ চাৰিটা মণ্ডলৰ শতাধিক কৰ্মীয়ে বৰদুৱাৰমুখৰ পৰা এক শোভাযাত্ৰা উলিয়াই বিপুল আদৰণি জনাই নৱনিযুক্ত বিজেপিৰ সভাপতিগৰাকীক ৷

BJP party meeting at Nazira
নাজিৰাত 2021 চনৰ নিৰ্বাচনৰ ৰণশিঙা বিজেপিৰ, ওভতনি যাত্ৰাত ক‘লা পতাকাৰ মুখামুখী ৰঞ্জিৎ দাসৰ

নাজিৰা, 18 ফেব্ৰুৱাৰীঃ আগন্তুক 2021 চনৰ নিৰ্বাচনৰ ৰণশিঙা বিজেপিৰ ৷ শিৱসাগৰৰ শিমলুগুৰিত মঙলবাৰে বিজেপিৰ সাংগঠনিক সভা ৷ শিমলুগুৰি নাট্যমন্দিৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় এই সাংগঠনিক সভাৰ ৷ শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ চাৰিটা মণ্ডলৰ শতাধিক কৰ্মীয়ে বৰদুৱাৰমুখৰ পৰা এক শোভাযাত্ৰা উলিয়াই বিপুল আদৰণি জনাই নৱনিযুক্ত বিজেপিৰ সভাপতিগৰাকীক ৷

নাজিৰাত 2021 চনৰ নিৰ্বাচনৰ ৰণশিঙা বিজেপিৰ

এই সভাতে কংগ্ৰেছৰ দুৰ্গ খ্যাত নাজিৰাৰ প্ৰায় 600 গৰাকী লোকে বিজেপিত যোগদান কৰে ৷ আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত 100+ মিচন লৈ আগবঢ়া বিজেপি দলে মিত্ৰজোঁটৰ সৈতে লগ লাগি সফল হ’ব বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ লগতে নাজিৰা আৰু শিৱসাগৰ সমষ্টিও বিজেপিৰ দখললৈ আহিব বুলিও ব্যক্ত কৰে ৰঞ্জিৎ দাসে ৷

উল্লেখ্য যে এই সাংগঠনিক সভাত অংশগ্ৰহণ কৰা সভাপতি ৰঞ্জিৎ কুমাৰ দাসকে প্ৰমূখ্যে সাংসদ তপন কুমাৰ গগৈ, বিধায়ক কুশল দুৱৰী, মন্ত্ৰী যোগন মোহন আৰু সোণাৰীৰ বিধায়িকা নৱনীতা সন্দিকৈৰ ওভতনি যাত্ৰাত ৰাজপথত আছু তথা বীৰ লাচিত সেনাই প্ৰদৰ্শন কৰে ক’লা পতাকা ৷ নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীতেই এই ক’লা পতাকা প্ৰদৰ্শন কৰে আছু তথা লাচিত সেনাই ৷

ওভতনি যাত্ৰাত ক‘লা পতাকাৰ মুখামুখী ৰঞ্জিৎ দাসৰ

শিৱসাগৰত বিজেপিৰ ৰাজ্যিক সভাপতিক ক'লা পতাকা শতাধিক আছু কৰ্মীৰ ৷ শিৱসাগৰৰ লক্ষ্মীনগৰত এই ক’লা পতাকা প্ৰদৰ্শন কৰে আছু তথা লাচিত সেনাই ৷ উল্লেখ্য যে হঠাৎ সৃষ্টি হোৱা যানজঁটৰ ফলত আবদ্ধ হৈ পৰা ৰঞ্জিৎ দাসক গাড়ীৰ ভিতৰতে ক’লা প্ৰদৰ্শন কৰে শতাধিক আছু কৰ্মীয়ে ৷

আৰু পঢ়কঃআগন্তুক বিটিচি নিৰ্বাচনক লৈ সাজু বিপিএফ দলঃ ঘোষণা কৰা হ’ল প্ৰৰ্থীৰ তালিকা

ABOUT THE AUTHOR

...view details