অসম

assam

ETV Bharat / state

চৰাইদেউত সেনা বাহিনীত নিযুক্তিৰ বাবে ছাত্ৰ ছাত্ৰীৰ বিশেষ প্ৰশিক্ষণ শিবিৰ - Army recruitment training camp

চৰাইদেউ জিলাৰ সাপেখাতীস্থিত ভাৰতীয় সেনাৰ আসাম ৰাইফলছৰ অধীনৰ জয়পুৰ বেটেলিয়ান ১২ নং শাখাই আয়োজন কৰা প্ৰশিক্ষণ শিবিৰ অলপতে অন্ত পৰে ৷

Army recruitment training camp is end at sapekhati army camp
চৰাইদেউত সেনা বাহিনীত নিযুক্তিৰ বাবে ছাত্ৰ ছাত্ৰীৰ বিশেষ প্ৰশিক্ষণ শিবিৰ

By

Published : Feb 6, 2021, 7:04 PM IST

মৰাণ, 6 ফেব্ৰুৱাৰী :চৰাইদেউ জিলাৰ সাপেখাতীস্থিত ভাৰতীয় সেনাৰ আসাম ৰাইফলছৰ অধীনৰ জয়পুৰ বেটেলিয়ান ১২ নং শাখাই আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ অলপতে অন্ত পৰে ৷ সাপেখাতী অঞ্চলটোৰ যুৱক-যুকতীসকলক ভাৰতীয় সেনা নিযুক্তিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা প্ৰশিক্ষণ প্ৰদান কৰা উদ্দেশ্য এই প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰিছিল জয়পুৰ বেটেলিয়ানে ৷

চৰাইদেউত সেনা বাহিনীত নিযুক্তিৰ বাবে ছাত্ৰ ছাত্ৰীৰ বিশেষ প্ৰশিক্ষণ শিবিৰ

স্থানীয় লোকে সদৰি কৰা মতে সাপেখাতী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ হাইস্কুল পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়ত অধ্যয়নৰত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷ ১২ নং শাখাৰ আসাম ৰাইফলছৰ বিষয়া নীতিশ কুমাৰৰ নেতৃত্বত এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল ৷

লগতে পঢ়ক: ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি

ABOUT THE AUTHOR

...view details