অসম

assam

ETV Bharat / state

কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিৰ সংবাদমেল

বৈজ্ঞানিক পদ্ধতিৰে কাছৰ পোৱালি জগাই প্ৰায় বিলুপ্তিৰ পথত থকা বৰমূৰীয়া কাছ সংৰক্ষণৰ চেষ্টা ডাক্টৰ জায়াদিত্য পুৰকাষ্টৰ ৷

কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিৰ সংবাদমেল

By

Published : Jun 17, 2019, 8:08 AM IST

গুৱাহাটী, 17 জুনঃ কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত এক সংবাদমেলৰ আয়োজন কৰে বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিয়ে । সংবাদমেলত ডাক্টৰ জায়াদিত্য পুৰকাষ্টই জানিবলৈ দিয়ে যে, বৰ্তমান সময়ত প্ৰায় বিলুপ্তিৰ পথত থকা কাছক সংৰক্ষণ কৰাৰ উদ্দেশ্যে বৈজ্ঞানিক পদ্ধতিৰে কাছৰ কণীৰ পৰা পোৱালি জগোৱাৰ কথা । লগতে গুৱাহাটীস্থিত উগ্ৰতৰা মন্দিৰৰ ওচৰৰ জোৰ পুখুৰীত থকা কাছ সমূহৰ মৃত্যুৰ মূল কাৰণ হৈছে পুখুৰীটোৰ চাৰিওকাষৰ পকী দেৱাল ৷

কাছৰ সংৰক্ষণক লৈ উগ্ৰতৰা মন্দিৰত বৰদেউৰী সমাজ আৰু মেনেজিং কমিটিৰ সংবাদমেল

উল্লেখ্য যে, ভাৰতৰ ভিতৰতে অসমত আটাইতকৈ বেছি কাছৰ প্ৰজাতি পোৱা যায় বুলি উল্লেখ কৰে জায়াদিত্যই । কিন্তু তাৰ মাজতে বৰমূৰীয়া কাছৰ দৰে বহু প্ৰজাতিৰ কাছ হেৰাই গৈছে অসমৰ পৰা । মন্দিৰৰ পুখুৰী সমূহত বহু এনে প্ৰজাতিৰ কাছ আছে যিবোৰ নদী বিল সমূহত পোৱা নাযায় । গতিকে এই মন্দিৰ সমূহত থকা কাছ সমূহক সংৰক্ষিত কৰিবৰ বাবে চৰকাৰৰ সাহাৰ্যৰ লগতে মন্দিৰ কৰ্তৃপক্ষৰ সহায়ৰ প্ৰয়োজন বুলি উল্লেখ কৰে পুৰকাষ্টই ৷

ABOUT THE AUTHOR

...view details