গুৱাহাটী, 26 মাৰ্চঃসংবিধানৰ দফা 77(1)ৰ ব্যক্তি প্ৰতিনিধিত্ব অধিনিয়ম, 1951 ৰজৰিয়তে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব লগা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূখ্য নেতাসকলৰ নামৰ এখন তালিকা প্ৰকাশ পাইছে ৷ সেই তালিকা অনুসৰি এই সকল মুখ্য প্ৰচাৰকে অসমৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান আৰম্ভ কৰিব ৷
অসমলৈ প্ৰচাৰৰ বাবে আহিবলগা হাইপ্ৰফাইল নেতাৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ - ETV BHARAT
নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমন কৰিব কংগ্ৰেছৰ কেবাজনো হাইপ্ৰফাইল নেতাই
STAR CAMPAIGNERS
প্ৰচাৰক সকলৰ ভিতৰত আছে জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মনমোহন সিং, প্ৰিয়ংকা গান্ধী ভড্ৰা, গোলাব নবী আজাদ, হৰিশ ৰাৱট, তৰুণ গগৈ, দেৱব্ৰত শইকীয়া ইত্যাদি ৷