গুৱাহাটী, 22 জুনঃ প্ৰৱঞ্চনাৰ মুখামুখী হ'লে গ্ৰাহকৰ হৈ মাত মাতিবলৈ ওলাই আহিছে এটা সংগঠন ৷ ঠগ প্ৰৱঞ্চনাৰ বিৰুদ্ধে বিশেষ প্ৰয়াস লৈছে সংস্থাটোৱে ৷ গ্ৰাহকক বিভিন্ন সময়ত ঠগ প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰি আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷ এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে গ্ৰাহকক সজাগ তথা সহায় কৰাৰ মহান উদ্দেশ্য আগত ৰাখিয়েই গ্ৰাহক অধিকাৰ সংস্থাই হাতত লৈছে এক বিশেষ কাৰ্যসূচী ৷
গ্ৰাহকক সজাগৰ উদ্দেশ্যে বাটৰ নাট - বাটৰ নাট
ঠগ প্ৰৱঞ্চনা তথা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ওলাই আহি গ্ৰাহকক সজাগ কৰাৰ লক্ষ্যৰে গ্ৰাহক অধিকাৰ সংস্থাৰ বাটৰ নাট প্ৰদৰ্শন
গ্ৰাহকক সজাগৰ উদ্দেশ্যে বাটৰ নাট
মহানগৰীৰ গণেশগুৰি, হাতীগাঁৱত বাটৰ নাট প্ৰদৰ্শন কৰি গ্ৰাহকক ঠগ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সজাগ কৰাৰ বিশেষ প্ৰয়াস সংস্থাটোৰ ৷ লগতে গ্ৰাহকসকলে এনে ধৰণৰ প্ৰৱঞ্চনাৰ সন্মুখীন হ'লে এই সংস্থাটোৰ লগত যোগাযোগ কৰিবলৈও আহ্বান জনাই সংস্থাটোৱে ৷
লগতে পঢ়কঃ বটদ্ৰৱাত মাহী মাকৰ দাৰ ঘাপত আহত পুত্ৰ