অসম

assam

ETV Bharat / state

‘ফেণী’ৰ প্ৰভাৱ নপৰে অসমত - অসম

আগন্তুক ৩ দিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত সম্ভাৱনা বজ্ৰপাতৰ লগতে বৰষুণৰ ৷ ঘন্টাত ৫০-৬০ কি.মি. বেগেৰে বলিব পাৰে বতাহ ৷

ফেণীৰ প্ৰভাৱ নপৰে অসমত

By

Published : Apr 29, 2019, 9:55 PM IST

গুৱাহাটী, 29 এপ্ৰিলঃ শ্ৰী লংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ‘ফেণী’ ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব নেকি অসমত ? এই সন্দৰ্ভত কি কয় বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আগন্তুক ৩ দিনলৈও অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বজ্ৰপাতৰ লগতে বৰষুণৰ সম্ভাৱনা ।

ফেণীৰ প্ৰভাৱ নপৰে অসমত

ইপিনে ঘন্টাত ৫০-৬০ কি.মি. বেগেৰে বলিব পাৰে বতাহ ৷ কিন্তু এয়া শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘূৰ্ণী বতাহ ‘ফেণী’ৰ কোনো প্ৰভাৱ নহয় । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১ মে লৈকে বতাহ-বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি সদৰি কৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়কঃ তেজপুৰ ষ্ট্ৰং ৰূমত ই ভি এম সুৰক্ষিত আছে নে নাই !!! ভানুৰ পৰ্যবেক্ষণ

বতৰ বিজ্ঞান কেন্দ্ৰই ‘ফেণী’ৰ অৱস্থিতি বৰ্তমানলৈ উত্তৰ-পূৱত ধৰা পৰা নাই বুলি উল্লেখ কৰে । বতৰ বিজ্ঞানে সদৰি কৰা মতে, ‘ফেণী’ৰ অৱস্থিতি বৰ্তমানলৈ পশ্চিমবংগ লৈ হে ধৰা পৰিছে । আনহাতে ফেণীক লৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত এলাৰ্ট জাৰী কৰা হৈছে ।

ABOUT THE AUTHOR

...view details