অসম

assam

By

Published : Mar 6, 2019, 10:08 PM IST

ETV Bharat / state

প্ৰথম বিবাহ বাৰ্ষিকীতে মৃত্যুক সাৱটিলে শিক্ষয়িত্ৰীয়ে

চাৰিচকীয়া বাহনে পাছফালৰ পৰা খুন্দিয়াৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা

darrang

darrang

দৰং, 6 মাৰ্চঃ দৰঙৰ বেছিমাৰীত শোঁকাৱহ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত দলগাঁও নগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী উষাৰাণী দাস৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰ পৰা গুৱাহাটী অভিমুখী AS-O1-AG-O611 নম্বৰৰ তীব্ৰ বেগী চাৰিচকীয়া বাহনে নাম্বাৰ প্লেট বিহীন স্কুটি আৰোহী উষাৰাণী দাস আৰু স্বামী ডালিম মেধীক পাছফালৰ পৰা খুন্দা মাৰে ৷ যাৰ ফলত থিতাতে নিহত হয় উষাৰাণী আৰু গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হয় ডালিম মেধী ৷ আঘাটপ্ৰাপ্ত ডালিম মেধীক স্থানীয় ৰাইজে ততাতৈয়াকৈ ভৰ্তি কৰায় খাৰুপেটীয়া চিকিৎসালয়ত ৷

উল্লেখ্য যে, নিহত শিক্ষয়িত্ৰী উষাৰাণী দাস আৰু ডালিম মেধীৰ বুধবাৰে বিবাহৰ এবছৰ সম্পূৰ্ণ হোৱা বাবেই বিদ্যালয়ত বিবাহ বাৰ্ষিকীৰ বাবে প্ৰীতিভোজৰ আয়োজন কৰি ওদালগুৰিৰ নিজ ঘৰলৈ যোৱা পথতে এই শোঁকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৷

ABOUT THE AUTHOR

...view details