হোজাই, ১৮ ফেব্ৰুৱাৰীঃ হোজাইৰ ৰাজপথত কাশ্মীৰ পুলৱামা ঘটনাক কেন্দ্ৰ কৰি ওলাই আহিল হাজাৰ হাজাৰ জনতা। পাকিস্তান মুর্দাবাদ ধ্বনিৰে উত্তাল হ'ল ৰাজপথ। সোমবাৰে হোজাইৰ ৰাজপথত প্ৰতিবাদত নামিল কেইবাটাও সংগঠন। মুস্তাক আনফৰৰ নেতৃত্বত হোজাইৰ জালালীয়া মাদ্ৰাছাৰ পৰা প্ৰায় দুই সহস্ৰাধীক আলিম ওলেমা সহ ছাত্রক লৈ সন্ত্ৰাসবাদী বিৰোধী প্ৰতিবাদী সমদল বাহিৰ কৰে। লগতে ইদগাহ ময়দানত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে শ্বহীদ সকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে, আজমল কলেজৰ ছাত্র-ছাত্ৰী সকলেও হোজাই চহৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি চক্ৰ বিষয়া কাৰ্য্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।