অসম

assam

ETV Bharat / state

২,৮৮০ মেগাৱট জলবিদ্যুৎ প্ৰকল্পঃ কি কয় প্ৰদ্যুৎ বৰদলৈয়ে! - ASSAM FLOOD

দিবাং নদীত নিৰ্মাণ হ'ব লগীয়া দেশৰ ভিতৰতে সৰ্ববৃহৎ এই জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা ২,৮৮০ মেগাৱট বিদ্যুৎ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।  এই জলবিদ্যুৎ প্ৰকল্পটো দেশৰ সৰ্ব্বোচ্চ নদীবান্ধৰূপেও পৰিগণিত হ’ব।  ইয়াৰোপৰি সাংসদ গৰাকীয়ে  ৰাজ্যখনৰ বান সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবে সমালোচনা কৰে ৷

প্ৰদ্যুৎ বৰদলৈয়ে দাবী জনালে উপযুক্ত সমীক্ষাৰ

By

Published : Jul 19, 2019, 5:01 PM IST

নতুন দিল্লী,19 জুলাই : ৰঙানদীৰ জলবিদ্যুৎ প্ৰকল্পৰ মুকলি কৰি দিয়া পানীয়ে নামনি অংশত প্ৰলয়ৰ সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে দিবাং নদীৰ প্ৰকল্পৰ বাবে মুকলি কৰি দিছে 1600 কোটি টকা অৰ্থ ৷18 জুলাইত কেবিনেট সমিতিয়ে 1600 কোটি টকা মোকলাই দিয়ে দিবাং বহূমুখী প্ৰকল্পৰ বাবে ৷ এই বহূমুখী প্ৰকল্প নিৰ্মাণৰ পূৰ্বে প্ৰয়োজনীয় সকলো সমীক্ষা চলাবলৈ দাবী জনালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ উপযুক্ত পৰীক্ষা অবিহনে এই প্ৰকল্পৰ নিৰ্মাণে অসমত দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

প্ৰদ্যুৎ বৰদলৈয়ে দাবী জনালে উপযুক্ত সমীক্ষাৰ

সাংসদ গৰাকীয়ে দাবী কৰা অনুসৰি অসম দিবাং নদীৰ নামনিত অৱস্থিত ৷ সেয়েহে এই প্ৰকল্পৰ বাবে প্ৰকৃত সমীক্ষা নহ'লে ভৱিষ্যতে অসমত দুৰ্যোগৰ সৃষ্টি হ'ব পাৰে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ অৰুণাচল প্ৰদেশ আৰু অসম সীমান্তৰ ল'ৱাৰ দিবাং ভেলীত এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব ৷ এই প্ৰকল্পৰ বিধ্বংসী প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়ে পূৰ্বৰ ইউ পি এ চৰকাৰে অনুমোদন জনোৱা নাছিল বুলিও তেওঁ মন্তব্য কৰে ৷

দিবাং নদীত নিৰ্মাণ হ'ব লগীয়া দেশৰ ভিতৰতে সৰ্ববৃহৎ এই জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা ২,৮৮০ মেগাৱট বিদ্যুৎ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই জলবিদ্যুৎ প্ৰকল্পটো দেশৰ সৰ্ব্বোচ্চ নদীবান্ধৰূপেও পৰিগণিত হ’ব। ইয়াৰোপৰি সাংসদ গৰাকীয়ে ৰাজ্যখনৰ বান সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবে সমালোচনা কৰে ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক বিষয়াৰ কেবিনেট কমিটিৰ বৈঠকত এই প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । প্ৰয়োজন অনুসৰি বান নিয়ন্ত্ৰণ কৰা এই প্ৰকল্পৰ অন্যতম উদ্দেশ্য বুলি বিবৃতিটোত প্ৰকাশ কৰা হয় ।

ABOUT THE AUTHOR

...view details