গুৱাহাটী, 3 এপ্ৰিল: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি টাই আহোম যুৱ পৰিষদে আগন্তুক নিৰ্বাচনত দল বিশেষে নহয়প্ৰাৰ্থী বিশেষেহে ভোটদান কৰিবলৈ অনুৰোধ জনায় অসমবাসী ৰাইজক ৷ লগতে, সাম্প্ৰতিক সময়ত ৰাইজৰ আৱেগক নিঃশেষ কৰা, মিথ্যাচাৰ অৱলম্বন কৰি কেৱল ৰাইজৰ প্ৰতাৰণা কৰি অহা চৰকাৰখনক উৎখাত কৰিবলৈও সংবাদমেল যোগে ৰাইজক আহ্বান জনায় সংগঠনটোৱে ৷
দল বিশেষে নহয় প্ৰাৰ্থী বিশেষে ভোট দিয়কঃ টাই আহোম যুৱ পৰিষদ - etv bharat
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত শাসকীয় দলক তীব্ৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ ৷ আগন্তুক নিৰ্বাচনত ৰাইজে স্থানীয় সমস্যাক সংসদত সজোৰে উত্থাপন কৰিব পৰাকৈ এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ আহ্বান সংগঠনটোৰ ।
etv bharat
মিছাৰ আশ্ৰয় লৈ জনসাধাৰণৰ প্ৰতাৰণা কৰা চৰকাৰ খনে নিজ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাতো ব্যৰ্থ হ’ল ৷ নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহ অসমলৈ আহি কৈছিল যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হ‘লে দুদিনত বিদেশী বৰ্জন কৰিব বিজেপি চৰকাৰখনে ৷ পিছে, দেখা গ’ল যে নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহীত কৰিবলৈহে উঠি পৰি লাগিলে বিজেপি চৰকাৰ ৷ ঠিক তেনেদৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল বুলিও প্ৰকাশ কৰে সংগঠনটোৱে ৷