অসম

assam

ETV Bharat / state

অধিসূচনাৰ পাছতো জলসিঞ্চনত যোগ দিবলৈ আহিল ৫৪ প্ৰাৰ্থী - ওদালগুৰি

বিগত ৮ মাৰ্চত জলসিঞ্চন প্ৰকল্পৰ বাবে বাচনি কৰা ৫৪ জনীয়া প্ৰাৰ্থীৰ তালিকা দেখুৱাই সোমবাৰে ওদালগুৰি জনসিঞ্চন বিভাগত যোগদান কৰিবলৈ আহে কেইবাজনো প্ৰাৰ্থী

udalguri

By

Published : Mar 12, 2019, 12:48 AM IST

ওদালগুৰি, ১১ মাৰ্চঃ দেশৰ 17সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশতে বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি । ফলত বন্ধ হৈ পৰিল নতুন নিযুক্তিকে ধৰি নতুন নতুন আচনিৰ শুভাৰম্ভণি । কিন্তু ইয়াৰ মাজতে সোমবাৰে ওদালগুৰিত সংঘটিত হ’ল ব্যাপক অনিয়ম । বিগত ৮ মাৰ্চত জলসিঞ্চন প্ৰকল্পৰ বাবে বাচনি কৰা ৫৪ জনীয়া প্ৰাৰ্থীৰ তালিকা দেখুৱাই সোমবাৰে ওদালগুৰি জনসিঞ্চন বিভাগত যোগদান কৰিবলৈ আহে কেইবাজনো প্ৰাৰ্থী । যাৰ বাবে ঘটনাস্থলীত দণ্ডাধীশ উপস্থিতি হৈ নিযুক্তি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

udalguri

উল্লেখযোগ্য যে, ধনশ্ৰী জলসিঞ্চন প্ৰকল্পৰ কেনেল -১ (এক) ত ১৫ জন, কেনেল ২ (দুই)ত ২০ জন, ওদালগুৰিস্থিত মঙ্গলদৈ মেকানিকেল ডিভিছনত ৭ জন আৰু ধনশ্ৰী প্ৰকল্পৰ ৱেৰ ডিভিচনত ২ জন প্ৰাৰ্থী সহ মুঠ ৪৪ জনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছিল ওদালগুৰিত । কিন্তু কেনেকৈ নিৰ্বাচনী আধিসূচনা জাৰি কৰা পাচত চাকৰিত যোগদান কৰিব পাৰিব সেয়া লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় প্ৰকল্পটোত ।

আনহাতে, বাচনি কৰা ৫৪ জনীয়া প্ৰাৰ্থীৰ তালিকাৰ ৩৭ জনেই কোকৰাঝাৰ জিলাৰ প্ৰাৰ্থী । কেনেকৈ এখন জিলাৰ বৃহৎ সংখ্যক যুৱক যুৱতী বাচনি কৰা হ'ল ইয়াকলৈ ৰহস্যৰ সৃষ্টি হৈছে । বিটিচি প্ৰশাসনে প্ৰেৰণ কৰা তালিকা ধনৰ বিনিময়ত প্ৰস্তুত হৈছে নেকি বুলিও একাংশই সন্দেহৰ কৰে ।

ABOUT THE AUTHOR

...view details