অসম

assam

ETV Bharat / state

মৰিগাঁৱত নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় হকী খেলপথাৰ - আধাৰশিলা

হকীৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈয়ে ৰাজ্যৰ বিভিন্ন খেলপথাৰত চেভেন এছেট হকী এছট্ৰটাফ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে

morigaon 1

By

Published : Mar 6, 2019, 9:41 PM IST

morigaon

মৰিগাঁও, 6 মাৰ্চঃ ৰাজ্যৰ হকী খৈলুৱৈৰ বাবে এক সুখবৰ ৷ মৰিগাঁৱত বুধবাৰে স্থাপন হ'ল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলপথাৰৰ আধাৰশিলা ৷ মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইয়ে স্থাপন কৰে আধৰশিলা ৷ ৰাজ্যৰ উদীয়মান হকী খেলুৱৈসকলে বিভিন্ন সময়ত হকীৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈয়ে ৰাজ্যৰ বিভিন্ন খেলপথাৰত চেভেন এছেট হকী এছট্ৰটাফ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা, জিলা উপায়়ুক্ত ঋতুৰাজ বৰা,হকী সন্থাৰ কোষাধ্যক্ষ,জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি, সম্পাদক, খেলুৱৈৰ লগতে মৰিগাঁও জিলা বিজেপি মুখ্য সমন্বয়ক ভদ্ৰকান্ত নাথকে ধৰি ভালেসংখ্যক ক্ৰীড়ানুৰাগী ৷

ABOUT THE AUTHOR

...view details