অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ বাবেই শ্বহীদ হৈছিল ৮৫৫ গৰাকী লোক

অসম চুক্তি প্ৰতাৰণাৰ দলিল বুলি মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

hindu yuva

By

Published : Feb 22, 2019, 7:15 PM IST

গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ "কংগ্ৰেছৰ বাবেই শ্বহীদ হৈছিল ৮৫৫ গৰাকী লোক। আৰু শ্বহীদৰ এই ত্যাগক অথলে নিয়াইছিল আছুৰ নেতৃত্বই।" শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক মন্তব্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

hindu yuva
লগতে বৰ্তমান সময়ত অগপ দলে কংগ্ৰেছৰ লগত হাত মিলাই পাপ হে কৰিছে বুলিও সমালোচনা কৰে সংগঠনটোৱে। তাৰোপৰি সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত অসম চুক্তিৰ সাক্ষৰ কৰা সকলেই ২০ বছৰ বিদেশীৰ বোজা অসমে লব লগা হ'ল বুলিও অভিযোগ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে। সংবাদমেলত সংগঠনটোৱে অসম চুক্তি প্ৰতাৰণাৰ দলিল বুলিও মন্তব্য কৰে।

ABOUT THE AUTHOR

...view details