চিৰাঙৰ আই নদীত সেউজ বিপ্লৱ - ,সেউজ বিপ্লৱ
নিজৰ জীৱিকাৰ বাট মুকলি কৰাৰ উপৰিও নিৱনুবাৰ আদৰ্শস্বৰূপ প্ৰায় 15/20 জন কৃষক
chirang
চিৰাং, 6 মাৰ্চঃ চিৰাঙৰ আই নদীৰ বালি চৰত কৃষকৰ সেউজ বিপ্লৱ ৷ নেপালপাৰাৰ 15-20 জন কৃষকে আই নদীৰ বালিত তৰমুজ,ৰঙালাউ,তিতা কেৰেলা উৎপাদ কৰি জীৱিকাৰ বাট মোকলোৱাৰ উপৰিও নিবনুৱাৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে৷ বালিচৰৰ শ শ বিঘা ভূমিত কৃষি কৰ্মৰে চমক দিবলৈ সক্ষম হোৱা এই কৃষকসকলে চৰকাৰৰ পৰা কিছু সহায় পালে অধিক উপকৃত হ'ব বুলি মন্তব্য কৰে ৷