চিৰাং, ১৮ ফেব্ৰুৱাৰীঃ বঙাইগাওঁ জিলাৰ নিউ বঙাইগাঁৱত সোমবাৰে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইয়ে স্থাপন কৰিলে ৰেলৱেৰ এল জি বি আই অৰ্থাৎ বিলাসী দবা নিৰ্মাণ কাৰখানাৰ আধাৰশিলা। সম্পূৰ্ণ ১০৬ কোটি টকা বাজেটেৰে এই দবা নিৰ্মাণ কাৰ্যসূচী ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি কয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে। লগতে এই কাৰখানা সম্পূৰ্ণ হৈ উঠিলে বঙাইগাঁও তথা অসমৰ উন্নয়ন হ'ব বুলিও প্ৰকাশ কৰে মন্ত্ৰীজনে।
বঙাইগাঁৱত নিৰ্মাণ হ'ব বিলাসী ৰেল কাৰখানা - ৰাজেন গোঁহাই
১০৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব বিলাসী দবা নিৰ্মাণ কাৰখানা
new bongaigaon
আনহাতে, ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাকিস্তান উগ্ৰপন্থীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হোৱা চি আৰ পিএফ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পাকিস্তান আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে মোডী চৰকাৰে সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গোঁহাইয়ে।