অসম

assam

ETV Bharat / state

অসমত ফেনীৰ প্ৰভাৱ : ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

প্ৰলয়ংকাৰী ঘূৰ্ণি ধুমুহা ফেনীৰ প্ৰভাৱ অসমতো পৰিছে । এই লৈ এতিয়া সতৰ্ক হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন । সকলোকে সাৱধান হ'বলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

By

Published : May 4, 2019, 4:44 PM IST

অসমত ফেনীৰ প্ৰভাৱ

গুৱাহাটী, ৪ মে': উৰিষ্যাৰ প্ৰলয়ংকাৰী ঘূৰ্ণি ধুমুহা ফেনীৰ প্ৰভাৱ মহানগৰীকে আদি কৰি অসমৰ কেইবাখনো জিলাত পৰিছে । এই লৈ এতিয়া ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী । কামৰূপ মহানগৰ জিলা প্ৰশাসনেও জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰৰ সকলো ধৰণৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে । মহানগৰী গুৱাহাটীত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ । অসমত শনিবাৰ আৰু দেওবাৰে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব বুলি বতৰ কেন্দ্ৰীয় বিজ্ঞান কেন্দ্ৰই আশংকা প্ৰকাশ কৰিছে ।

অসমত ফেনীৰ প্ৰভাৱ

অসমৰ কিছুমান জিলাত অধিক সতৰ্ক হ'বৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । প্ৰয়োজনীয় সহায়ৰ বাবে ১০৭০, ১০৭৭ আৰু ১০৭৯ বিনামূলীয়া নম্বৰত যোগাযোগ কৰিবলৈ ছ'চিয়েল মিডিয়া যোগে প্ৰতিখন জিলা প্ৰশাসন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক সাজু থাকিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

ABOUT THE AUTHOR

...view details