গুৱাহাটী, 15 জুনঃ প্ৰধানমন্ত্ৰী তথা নিটি আয়োগৰ অধ্যক্ষ নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত শনিবাৰৰ পৰা দিল্লীত আৰম্ভ হোৱা নিটি আয়োগৰ বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ গৰাখহনীয়াৰ সমস্যাটোক প্ৰাকৃতিক দুৰ্যোগ বুলি ঘোষণা কৰিবলৈ আহ্বান জনায় । অসম যিহেতু এখন বানপীড়িত ৰাজ্য সেয়েহে বান প্ৰতিৰোধ, পুনৰ নিৰ্মাণ, বান সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বাবে অধিক পুঁজি মঞ্জুৰ কৰিবলৈও অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
নিটি আয়োগত সোণোৱালঃ খহনীয়াক প্ৰাকৃতিক দুৰ্যোগ ঘোষণাৰ দাবী - বান
খহনীয়াই 1950 চনৰ পৰা বৰ্তমানলৈকে 1.25 লাখ কৃষিজীৱি পৰিয়ালৰ প্ৰায় 4.27 লাখ হেক্টৰ ভূমি বিলুপ্ত কৰিছে । সেয়েহে এই বিষয়টোক প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো নিতান্তই প্ৰয়োজন বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ ৷
বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে গৰাখহনীয়াই বছৰি অসমত আঠ হাজাৰ হেক্টৰকৈ ভূমি গ্ৰাস কৰি আহিছে । খহনীয়াই 1950 চনৰ পৰা বৰ্তমানলৈকে 1.25 লাখ কৃষিজীৱি পৰিয়ালৰ প্ৰায় 4.27 লাখ হেক্টৰ ভূমি বিলুপ্ত কৰিছে । সেয়েহে এই বিষয়টোক প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো নিতান্তই প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে । এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ সাতখন জিলাক এছপাইৰেশ্বনেল জিলাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত হাইলাকান্দি জিলাই সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ বাজেটত এই জিলা কেইখনৰ উন্নয়নৰ বাবে 28 কোটি টকা ধাৰ্য কৰিছে । একেদৰে 2017 বৰ্ষত ৰাজ্য চৰকাৰে 30 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা নামৰ এখন আঁচনিও আৰম্ভ কৰিছে বুলি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে ৷