ধুবুৰী, ১১ ফেব্ৰুৱাৰীঃ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ৬৭ বি এন বি এছ এফৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰীতি ফুটবল টুৰ্ণামেণ্ট। ধুবুৰীৰ ধৰ্মশালাত অনুষ্ঠিত হোৱা এই ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কৰে ৬৭ বেটেলিয়ন বি এছ এফৰ ডেপুটি কমাণ্ডেণ্ট ৰাজীৱ দুৱাৰাই। টুৰ্ণামেণ্টত ধুবুৰী সীমান্ত অঞ্চলৰ মুঠ দহটা দলে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব পালনৰ উপৰি সীমান্তৱৰ্তী ৰাইজৰ সৈতে সম্পৰ্ক আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যৰে ধুবুৰীৰ সীমান্তৰ ৬৭ বেটেলিয়ন বি এছ এফে বিভিন্ন সময়ত সামাজিক কাম কাজ হাতত লৈ আহিছে।