গুৱাহাটী, 19 জুনঃ বি বৰুৱা কলেজত বুধবাৰে অনুষ্ঠিত কৰা হয় ড্ৰাগছৰ বিৰোধী বিশেষ সজাগতা সভা ৷ সজাগতা সভাত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু চি আই ডি ৰ ADGP ডাঃ এল আৰ বিষ্ণু ৷ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত দীপক কুমাৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সজাগতামূলক বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক ড্ৰাগছ ৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ।
বি বৰুৱা কলেজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা - আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া
ড্ৰাগছৰ বিৰোধী সজাগতা সভাত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু চি আই ডি ৰ ADGP ডাঃ এল আৰ বিষ্ণু
বি বৰুৱা কলেজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা
লগতে ADGP ডাঃ এল আৰ বিষ্ণুৱে ড্ৰাগছ সেৱনৰ ফলত হ'ব পৰা বিভিন্ন ক্ষতি সম্পৰ্কে সকলো ছাত্ৰ-ছাত্ৰীকে তথ্য সহকাৰে অৱগত কৰে ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাৰ সমান্তৰালকৈ বিদ্যালয়-কলেজ সমূহত সজাগতা মূলক সভাও চলি থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ।