বৰপেটা, 28 ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ হাউলী চহৰৰ মাংসৰ বজাৰে জনস্বাস্থ্যৰ প্ৰতি কঢিয়াইছে ভয়ংকৰ ভাবুকি । অতি অস্বাস্থ্যকৰ পৰিৱেশত চলি আছে মাংসৰ এই বজাৰখন ৷ শৌচাগাৰৰ গাতেই লাগি আছে হাউলী বজাৰৰ মাজত হাউলী নগৰ সমিতিয়ে নিৰ্মাণ কৰি দিয়া এইখন মাংসৰ বজাৰ । দৈনিক হেজাৰোধিক গ্ৰাহকে মাংস ক্ৰয় কৰা এই বজাৰখনৰ মাংসত ঘূৰি ফুৰে মাখিকে ধৰি বিভিন্ন কীট-পতংগ । কেৱল সেয়াই নহয় গেলা পচা সামগ্ৰীৰে এক দুৰ্গন্ধময় পৰিৱেশত চলি আছে হাউলী বজাৰ । জনস্বাস্থ্যৰ বাবে অতিকে হানিকাৰক পৰিৱেশত এনেদৰে মাংসৰ বজাৰ এখন চলি থকাৰ পিচতো গুৰুত্ব দিয়া নাই হাউলী পৌৰ নিগম তথা পশু চিকিৎসা বিষযাসকলৰ ।
অস্বাস্থ্যকৰ পৰিৱেশত হাউলী মাংস বজাৰ - হাউলী
গেলা পচা সামগ্ৰীৰে এক দুৰ্গন্ধময় পৰিৱেশত চলি আছে হাউলী বজাৰ
hauli
আনহাতে, মাংসৰ ব্যৱসায়ী সকলে প্ৰায় এবছৰ ধৰি হাউলী পৌৰ নিগমক এই বিষয়ে অভিযোগ দিয়া স্বত্বেও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আভিযোগ তুলিছে ব্যৱসায়ীসকলে । অতি লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত হাউলী চহৰত এনেদৰে মাংসৰ বজাৰ এখন চলি থকাৰ পাচতো বৰপেটা জিলা খাদ্য সুৰক্ষা বিভাগৰ নাই কোনো তৎপৰতা ৷