অসম

assam

By

Published : May 10, 2019, 1:19 PM IST

ETV Bharat / state

ধোঁৱাচাঙত পৰিণত অসম চৰকাৰৰ মৈত্ৰী আঁচনি

ধোঁৱাচাঙত পৰিণত হ'ল অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত চলি থকা জালুকবাৰী আৰক্ষী থানাৰ নিৰ্মাণকাৰ্য । ২০১৮ চনতে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক থানা গৃহৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল ।

ডঃ হিমন্ত বিশ্ব শৰ্মা আধাৰশিলা স্থাপন কৰা মূহুৰ্তত

গুৱাহাটী, ১০ মে': উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ জালুকবাৰী এলেকাৰ বাবে কেৱল এখনহে আৰক্ষী চকী থকাত অঞ্চলটোৰ ৰাইজ ক্ৰোধান্বিত হৈ পৰিছে । এই বৃহৎ অঞ্চলটোতে বহুকেইখন আগশাৰীৰ শিক্ষানুষ্ঠান তথা গুৰুত্বপূৰ্ণ অনুষ্ঠান আছে । বিভিন্ন সময়ত এনে বৃহত্তৰ এলেকাটোত এখন আৰক্ষী থানা স্থাপনৰ বাবে ৰাইজে হেঁচা প্ৰয়োগ কৰি অহাৰ ফলতে মৈত্ৰী আঁচনিৰ অধীনত জালুকবাৰী আৰক্ষী চকীক পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানা ৰূপে উন্নীত কৰাৰ পদক্ষেপ হাতত লোৱা হৈছিল । সেই অনুসৰি জালুকবাৰীত ২০১৮ চনৰ ২৪ এপ্ৰিলত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক থানা গৃহৰ আধাৰশিলা স্থাপন কৰিছিল ।

ডঃ হিমন্ত বিশ্ব শৰ্মা আধাৰশিলা স্থাপন কৰা মূহুৰ্তত

কিন্তু অতি লেহেমীয়া গতিত নিৰ্মাণৰ কাম চলি থকাৰ বাবে এটা বছৰেও এটা খুঁটাও সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই । এটা বছৰত কেইডালমান ৰড লগাইয়ে দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই ।

ধোঁৱাচাঙত পৰিণত অসম চৰকাৰৰ মৈত্ৰী আঁচনি

ABOUT THE AUTHOR

...view details